সাহায্যৰ বাবে গাঁৱে গাঁৱে হেজাৰ হেজাৰ ভুৱা কৃষকৰ আৱিৰ্ভাৱ

95185263 1159405084418443 937679184208068608 o

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা তলাবন্ধৰ ফলত কৃষকসকল অভাৱনীয় লোকচানৰ গৰাহত পৰিছে । এনে এক পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক প্ৰধানমন্ত্ৰী কিষাণ সন্মান বিধি আঁচনিৰ জৰিয়তে তিনিটা কিস্তিত বেংক একাউণ্টৰ জৰিয়তে ছহেজাৰ টকাকৈ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ তাৰে প্ৰথম কিস্তিৰ দুহেজাৰ টকা ইতিমধ্যে দেশৰ পঞ্জীকৃত কমেও ন কোটি কৃষক পৰিয়ালক আদায় দিয়া হৈছে ৷ অসমতো প্ৰায় ছয় লাখ কৃষক পৰিয়ালে সেই সাহাৰ্য লাভ কৰিছে । কিন্তু অসমত সংশ্লিষ্ট কৃষকসকলৰ একাংশক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য । উত্থাপিত অভিযোগ অনুসৰি পঞ্জীয়ন থকা বহু কৃষক পৰিয়ালৰ একাধিক সদস্যই এই সাহায্য লাভ কৰিছে ।

 

তদুপৰি বহু ভুৱা কৃষকৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ফলত গাঁৱৰ একাংশ লোক অচিনাকি নামবোৰৰ নামত বিপাঙত পৰিছে ৷ কোনে কি দৰে নামবোৰ সুমুৱাবলৈ সক্ষম হৈছে তাকে লৈ ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষক সমাজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । এই সন্দৰ্ভত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই কয় যে যিবোৰ অভিযোগ উত্থাপিত হৈছে সেয়া গুৰুত্বসহকাৰে লোৱা লৈছে । সেই কাৰণে উত্থাপিত অভিযোগবোৰ সংগ্ৰহ কৰি থকা হৈছে । উল্লেখযোগ্য যে কৃষকৰ এনে তালিকা প্ৰস্তুতৰ লগত জিলা কৃষি বিভাগ দায়বদ্ধ । যিহেতু কৃষিবিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে গতিকে দুজনীয়া তদন্ত কমিটীয়ে এই দিশবোৰ চালি জাৰি চাব বুলি মন্ত্ৰী অতুল বৰাই কয় ।

 

এই ক্ষেত্ৰত কৃষি বিভাগৰ উচ্চস্তৰীয় সূত্ৰই কয় যে কৃষকৰ নাম পঞ্জীয়নৰ ক্ষেত্ৰত খণ্ডবোৰত থকা সমূহীয়া সেৱা কেন্দ্ৰবোৰ প্ৰত্যক্ষভাৱে জড়িত। এই ব্যৱস্থাটোত জিলা কৃষি বিভাগৰ হাতত এটা গোপন পাছৱৰ্ড থাকে ৷ এই পাছৱৰ্ডটো কেৱল সমূহীয়া কেন্দ্ৰত দায়িত্বত থকাসকলক দিয়া হয়। তেওঁলোকে সেইটোৰ সদ্ব্যৱহাৰ কৰি প্ৰকৃত কৃষকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে ৷ প্ৰসংগক্ৰমে সূত্ৰটোৱে কয় যে অসমৰ বহু কৃষকে চৰকাৰী ব্যৱস্থাৱলীৰ আওতালৈ অহা নাই । সেই সন্দৰ্ভত বেছিভাগ কৃষক অজ্ঞ ৷ লগতে কৃষকসকল বিভিন্ন আঁচনিৰ পৰাও বঞ্চিত হৈ আছে  ৷ একাংশ কৃষকে এটা সময়ত হতাশাগ্ৰস্ত হৈ কৃষি কাৰ্য বাদ দিয়ে আৰু অন্য জীৱিকাৰ সন্ধানত অনিশ্চিত ভৱিষ্যত আগত লৈ বহিঃৰাজ্যলৈ গমন কৰিবলৈ বাধ্য হয় ৷

Exit mobile version