একেৰাহে ১২ ঘণ্টা খোজকাঢ়িলে সাত মাহৰ অন্তঃসত্ত্বাই 

A seven month pregnant Indian migrant worker walks 500km to her village in Maharashtra amid lockdown 171ea9f6fdd medium
পিন্ধনত শাৰী, পাছফাললৈ টানি বন্ধা খোপা, আঁচলেৰে ঢকা উঠন পেট, পপ্ৰসূতি গৰাকীয়ে কেৱল খোজকাঢ়িছে। প্ৰখৰ ৰ’দত পিঠি পুৰি গৈছে, আৰক্ষীৰ ৰঙা চকু দেখিলে নিজৰ চকুলৈ পানী আহিছে, কিন্তু এই সকলোবোৰকে উপেক্ষা কৰি কেৱল খোজকাঢ়িয়েই কে’বাশ কিলোমিটাৰ পথ অতিক্ৰম কৰি স্ব-গৃহত উপস্থিত হোৱাৰ আশা কৰিছে প্ৰায় ৩২ বছৰীয়া এগৰাকী মহিলাই। তাতোকৈ ডাঙৰ কথা গৰ্ভত সাত মাহৰ এটি সন্তান লৈয়ে একেৰাহে ১২ ঘন্টা ধৰি খোজকাঢ়ি আছিল নিকিতা নামৰ অন্তঃসত্ত্বা মহিলাগৰাকীয়ে। উদ্দেশ্য এটাই, সকলো বাধা অতিক্ৰম কৰি উপস্থিত হ’ব লাগিব নিজৰ গাৱঁত। অন্যথা পেটৰ সন্তানটিয়ে প্ৰয়োজনীয় আহাৰ আৰু চিকিৎসাখিনি পাব লাগিব। তলাবন্ধৰ মাজতে এনে এক হৃদয়বিদাৰক ছবি দেখা গ’ল মহাৰাষ্ট্ৰত।
নৱী মুম্বাইৰ ঘানছোলি অঞ্চলৰ পৰা মহাৰাষ্ট্ৰৰ বুলধানা  গাঁৱলৈ কে’বাশ কিলোমিটাৰ দূৰত্বকে অদম্য মানসিক দৃঢ়তাৰে একেবাপে চমু যেন কৰিলে নিকিতাই। তলাবন্ধৰ বাবে তেওঁ নিজেৰ কাম কৰা স্থানতে আবদ্ধ হৈ পৰিছিল। সংগী কেৱল গৰ্ভস্থ সন্তানটি। এই সময়ত চোৱা চিতাৰ বাবে কোনো আপোনজন তেওঁৰ কাষত নাছিল। কোনোপধ্যে নিজগৃহলৈ উভতি যাব পৰা নাছিল গৰ্ভৱতী মহিলাগৰাকীক। অথচ দিন যোৱাৰ লগে লগে হাতত থকা খাদ্য, টকা পইচা ক্ৰমাৎ শেষ হ’বলৈ আৰম্ভ কৰিছিল। স্থানীয় প্ৰশাসনৰ প্ৰতি তেঁও ভৰসা ৰাখিছিল, তৎসত্ত্বেও অৱশেষত ধৈৰ্য ধৰি থাকিব নোৱাৰিলে । গৰ্ভৰ সন্তানটিৰ বাবেই নিকিতা শংকিত হৈ পৰিছিল। সাত মাহৰ অন্তঃসত্ত্বা নিকিতাই এটা সময়ত মন স্থিৰ কৰিলে, খোজকাঢ়িয়েই তেঁও বুলধানা গাঁৱৰ স্বগৃহত উপস্থিত হ’ব। অসম্ভৱ মনৰ জোৰকে পুঁজি কৰি নিকিতাই সন্ধিয়া পৰত অস্থায়ী বাসস্থানৰ পৰা ওলাই ৰাজপথত ভৰি দিছিল।
তেতিয়াৰ পৰা একেৰাহে ১২ ঘন্টা সময় খোজকঢ়াৰ পাছত মহিলা গৰাকীক একাংশ সাংবাদিকে তেঁওক লগ পাই তেওঁক নিজ গৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। অৱশেষত উভতি যাবলৈ সক্ষম হ’ল অন্তঃসত্ত্বা মহিলাগৰাকী। মনত তেওঁৰ আশা, এদিন তলাবন্ধ প্ৰত্যাহাৰ হ’ব। দূৰ হ’ব দুৰ্যোগো। এখন সুস্থ সমাজ দেখা পাব নিকিতাৰ সন্তানে। মনৰ জোৰ থাকিলে যে আকাশ খনেই হাতৰ মুঠিলৈ আহি যায়, নিকিতা যেন তাৰেই উদাহৰণ। তথাপি তেওঁৰ অৱস্থাই প্ৰশাসনৰ দায়িত্বৰ সন্দৰ্ভতো প্ৰশ্নৰ উদ্ৰেক ঘটালে।
Exit mobile version