১. তলাবন্ধৰ কাৰণে ৰাজ্যত ৪০.৮ কোটি টকাৰ শাক পাচলি নষ্ট।
২. শীতলীকৰণ গৃহ সমূহত শাক পাছলি সংৰক্ষণ কৰিব পাৰি যদিও বিদ্যুতৰ কাৰণে ব্যৱস্থাটো সফল হোৱা নাই।
৩. কৃষিৰ বিভিন্ন আঁচনি,জলসিঞ্চন বিভাগৰ আঁচনিসমূহ বিদ্যুতৰ কাৰণে সফল হোৱা নাই ।
৪. বিভিন্ন ৰাজ্যত হোৱা আঁচনিসমূহৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ ।
৫. শাক পাছলিৰ উৎপাদন বৃদ্ধি হৈছে যদিও তলাবন্ধৰ কাৰণে অধিকাংশ শাক পাছলি নষ্ট হৈছে ৷
৬. উৎপাদিত কৃষিজাত সামগ্ৰী আৰু ফচল যাতে কৃষকে পায় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ কৃষিমন্ত্ৰী গৰাকীৰ ৷
৭. তলাবন্ধৰ কাৰণে ক্ষতিগ্ৰস্ত হোৱা কৃষকক পৰৱৰ্তী আঁচনি ৰূপায়ণৰ সময়ত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷
৮. যিসকল লোকৰ নাম বিভাগটোৰ আঁচনি ৰূপায়ণৰ সময়ত তালিকাত অন্তৰ্ভুক্ত হ’ল তেনে লোকৰ নাম তালিকাৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিয়ে ৷
৯. বিশেষকৈ পি এম কিষাণ আঁচনিখনৰ কৃষক নিৰ্বাচন সম্পৰ্কে জিলা বিষয়াৰ পৰা বুজ ল’বলৈ নিৰ্দেশ ৷
১০. পি এম কিষাণ আঁচনিৰ অধীনত যিসকল লোকে ভুৱা কৃষকে ধন লাভ কৰিলে তেওঁলোকক ধন ঘূৰাই দিবলৈ নিৰ্দেশ ৷ধন ঘূৰাই নিদিলে ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ ৷
১১. ডাটা এন্ট্ৰী অপাৰেটৰে আই ডি,পাছৱৰ্ডৰ অপব্যৱহাৰ কৰিলেও তেওঁৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ ৷
১২. গ্ৰাম সেৱকক অনতিপলমে পৰ্যালোচনা কৰি নিযুক্তি দিয়াৰ আশ্বাস মন্ত্ৰী অতুল বৰাৰ ৷
১৩. সংবাদমেলত অচিনৰোগত মৃত্যু হোৱা গাহৰিৰি বিষয়ে আলোচনা ৷
১৪. ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু হোৱাটো অতি গুৰুত্বপূৰ্ণ ৷
১৫. গতিকে গাহৰি পালকসকলে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগে।
১৬. সংবাদমেলত উপস্থিত থকা খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলা খনৰ যোগান বিষয়াসকলৰ লগত আলোচনা কৰি ৰাজহুৱা বিতৰণৰ ব্যৱস্থা লয় ৷
আজিৰ এই পৰ্যালোচনা কৰা সভাখনত কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী ফণীভূষণ চৌধুৰী,জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বিধায়ক পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ লগতে বহুকেইজন লোক উপস্থিত আছিল ৷