প্ৰতি লিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে । অৱশ্যে ইয়াৰ দ্বাৰা সাধাৰণ জনতা ক্ষতিগ্ৰস্ত নহয়। কিয়নো ইয়াৰ প্ৰভাৱ খুচুৰা বজাৰত নপৰে । কৰ’না পৰিস্থিতিত সৃষ্ট অৰ্থনৈতিক দুৰ্দশা কিছু লাঘৱ কৰাৰ উদ্দেশ্য ৰাজহ সংগ্ৰহৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । অপ্ৰত্যক্ষ কৰা শুল্কৰ কেন্দ্ৰীয় পৰিষদে জাৰি কৰা জাননী অনুসৰি পেট্ৰ’লত অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত দুটকাকৈ বৃদ্ধি কৰা হৈছে । আৰু পথ উপকৰ প্ৰতি লিটাৰত আঠ টকা বৃদ্ধি কৰা হৈছে । এইসমূহ নতুন কৰ আৰোপৰ পাছত পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি হোৱা পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্কৰ মুঠ পৰিমাণ হৈছে ক্ৰমে প্ৰতিলিটাৰত ৩২.৯৮ টকা আৰু ৩১.৮৩ টকা ৷ ইপিনে, যোৱা মাৰ্চত চৰকাৰে পেট্ৰ’ল ডিজেলত প্ৰতি লিটাৰত তিনি টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰি মুঠ ৩৯ হেজাৰ কোটি টকা আহৰণৰ লক্ষ্য হৈছিল।
পেট্ৰ’লত ১০ টকা আৰু ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: AssamCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdown
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026