পেট্ৰ’লত ১০ টকা আৰু ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি

38881 fuel

প্ৰতি লিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে । অৱশ্যে ইয়াৰ দ্বাৰা সাধাৰণ জনতা ক্ষতিগ্ৰস্ত নহয়। কিয়নো ইয়াৰ প্ৰভাৱ খুচুৰা বজাৰত নপৰে । কৰ’না পৰিস্থিতিত সৃষ্ট অৰ্থনৈতিক দুৰ্দশা কিছু লাঘৱ কৰাৰ উদ্দেশ্য ৰাজহ সংগ্ৰহৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । অপ্ৰত্যক্ষ কৰা শুল্কৰ কেন্দ্ৰীয় পৰিষদে জাৰি কৰা জাননী অনুসৰি পেট্ৰ’লত অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত দুটকাকৈ বৃদ্ধি কৰা হৈছে । আৰু পথ উপকৰ প্ৰতি লিটাৰত আঠ টকা বৃদ্ধি কৰা হৈছে । এইসমূহ নতুন কৰ আৰোপৰ পাছত পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি হোৱা পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্কৰ মুঠ পৰিমাণ হৈছে ক্ৰমে প্ৰতিলিটাৰত ৩২.৯৮ টকা আৰু ৩১.৮৩ টকা ৷ ইপিনে, যোৱা মাৰ্চত চৰকাৰে পেট্ৰ’ল ডিজেলত প্ৰতি লিটাৰত তিনি টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰি মুঠ ৩৯ হেজাৰ কোটি টকা আহৰণৰ লক্ষ্য হৈছিল।

Exit mobile version