বিধানসভাৰ সমীপতে দুগুণ দামত বিক্ৰী হৈছে অবৈধ গুটখা

gutkha 650 092516053007

ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত অব্যাহত আছে তলাবন্ধ ৷ ইয়াৰ সমান্তৰালভাৱে এই মহামাৰী সংক্ৰমণত বাধা দিবলৈ ৰাজহুৱা স্থানত থু পেলোৱাৰ উপৰি গুটখা আৰু পাণমচলা বিক্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তৎকালে বলবৎ হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৰাজ্যত এই নিষেধাজ্ঞা ফুটুকাৰ ফেনত পৰিণত হৈছে । উল্লেখযোগ্য যে তলাবন্ধৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত এচাম অসাধু ব্যৱসায়ীয়ে গুটখাৰ এক বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছে । অভিযোগ উঠিছে একাংশ পাইকাৰী ব্যৱসায়ীযে বিশ্বস্ত দোকানীৰ মাজত গুটখাৰ প্ৰচলন অব্যাহত ৰাখিছে । ৰাজধানী মহানগৰীতো অধিক মূল্যত নিষিদ্ধ গুটখা তথা পাণমচলা ব্যাপক হাৰত বিক্ৰী অব্যাহত ৰাখিছে একাংশই ৷ ২৪ ঘন্টাই আৰক্ষী প্ৰশাসনৰ লোকে গিজগিজাই থকা গুৱাহাটী মহানগৰীত চকুৰ সন্মুখতে এক বৃহৎ ক’লা বজাৰ অব্যাহত ৰাখিছে যদিও এই বজাৰৰ বিৰুদ্ধে কোনো অভিযান পৰিলক্ষিত হোৱা নাই।

 

গুৱাহাটী মহানগৰীত খুচুৰা দোকান দি জীৱিকা উপাৰ্জন কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই সময়ছোৱাত বিভিন্ন পাইকাৰী দোকানত গুটখা বিচাৰি চলাথ কৰিছে । পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কাৰোবাক নাই বুলি বিমুখ কৰিছে আৰু কাৰোবাক যোগান ধৰিছে।মহানগৰীৰ গণেশগুৰিৰ পাইকাৰী বজাৰস্থিত ইউকো বেংকৰ তলৰ মহলাত থকা পাণমছলাৰ এখন পাইকাৰী দোকানত গুটখা কিনিবলৈ বুধবাৰে দেখা গ’ল দীঘলীয়া শাৰী। স্থানীয় প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য পুৱাৰে পৰা ভিৰ থাকে দোকানখনত ৷অন্যান্য বস্তু কিনিবলৈ অহা দেখুৱাই যদিও বস্তাই বস্তাই গুটখা কাৰ্টনত ভৰাই সৰবৰাহ কৰে ।

 

উল্লেখযোগ্য যে চিকেন্দ্ৰ নামৰ পাইকাৰী ব্যৱসায়ীজনে তলাবন্ধৰ সময়ত গুটখাৰ ব্যৱসায় অব্যাহত ৰাখিছে। ব্যতিক্ৰম নহয় গণেশগুৰিৰ গুপ্তা আৰু মিন্টু নামৰ দুজন পাইকাৰী ব্যৱসায়ী ৷ ইফালে অসম বিধানসভাৰ সমীপতে তথা অহৰহ আৰক্ষীয়ে গিজগিজাই থকা মূল পথতে এইদৰে নিষিদ্ধ গুটখা বিক্ৰী হৈ থকা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে ৷ আনহাতে, মহানগৰীত তলাবন্ধ আৰম্ভ হোৱা দিনৰে পৰা পূৰ্বৰ ২১০ টকীয়া কমলাপছণ্ড বৰ্তমান সময়ত ২৮০-৩০০ টকাত, পূৰ্বৰ ১৯০ টকীয়া শিখৰ ৩৮০ টকাত, ৪২০ টকীয়া চিগনেছাৰ ৫৫০ টকাত, ৰজনীগন্ধা ৫৫০ টকাৰ লগতে অধিক মূল্যত বিক্ৰী কৰি গুটখাৰ বেহা অব্যাহত ৰাখিছে ক’লা ব্যৱসায়ীয়ে । ইয়াৰ বিপৰীতে খুচুৰা বজাৰত গুটখাৰ স’তে এটা সৰু ৰজনীগন্ধাৰ ২৫ টকীয়া পেকট ৩৫-৪০ টকা, ১০ টকা মূল্যৰ কমলাপচণ্ড ২০-২৫ টকা, ১০ টকা মূল্যৰ শিখৰ ২০-২৫ টকা, ১৫ টকা মূল্যৰ ছিগনেচাৰ ২৫-৩০ টকাত বিক্ৰী হৈ আছে। ইয়াৰ পিছতো ক’লা বেহা বন্ধ কৰিবলৈ চৰকাৰৰ কোনো সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Exit mobile version