ভূতনাথত বজাৰ আৰু আৱাস গৃহ উচ্চেদ গুৱাহাটী পৌৰ নিগমৰ

gmc

♦মহানগৰীৰ ভূতনাথত বৃহস্পতিবাৰে অবৈধভাৱে স্থাপন কৰাৰ অভিযোগত বজাৰ গৃহ উচ্চেদ কৰে গুৱাহাটী পৌৰ নিগমে |

♦নিগমে উক্ত অঞ্চলতো স্থাপন কৰা এখন বাঁহৰে নিৰ্মিত বজাৰৰ লগতে এখন ছাগলীৰ বজাৰৰ অবৈধ গৃহ উচ্ছেদ কৰে৷

♦উল্লেখ্য পৌৰনিগমৰ ভাষ্য অনুসৰি অঞ্চলটোত অবৈধভাবে গঢ়ি উঠিছিল মানুহৰ বসতি ৷ এই বসতি সমূহৰ ঘৰো উচ্চেদ কৰে প্ৰশাসনে ৷

♦ইফালে,  এই স্থানতেই নিৰ্মাণ হৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং ৷  দলং নিৰ্মাণত বাধা অহাৰ বাবেই উচ্চেদ কৰা হ’ল বজাৰ সমূহ ৷ উল্লেখ্য যে  উচ্ছেদ কৰাৰ স্থানত প্ৰায় নটা পৰিয়ালে বসবাস কৰিছিল ৷

Exit mobile version