মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

FB IMG 1588446438769

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। আমাৰ বাবে এই সময় প্ৰত্যাহ্বানৰ সময় | তলাবন্ধৰ শিথিলতাৰ পাছত প্ৰয়োজন আৰু অপ্ৰয়োজন জনতা ওলাই অহা দেখা গৈছে। চৰকাৰী ঘোষণা আৰু কৰ’না ভাইৰাছ এই দুটা সম্পূৰ্ণ বেলেগ কথা। আমি অনুমতি দি দোকান খুলিব পাৰো কিন্তু কৰ’না ভাইৰাছে চৰকাৰৰ অধিসূচনা নপঢ়ে।

 

গতিকে কৰ’নাই কৰ’নাৰ কাম কৰি গৈ থাকিব। বহুতে কয় যে চৰকাৰে খুলি দিয়ক। আপোনালোকে ক’লে চৰকাৰে খুলি দিব। আপোনালোকেও চৰকাৰৰ কথা শুনিব, চৰকাৰেও আপোনালোকৰ কথা শুনিব কিন্তু কৰ’না ভাইৰাছে আমাৰ কথা শুনিবনে নাই? গতিকে আজিৰ সমস্যাটো চৰকাৰৰ নহয়? সমস্যাটো জনসাধাৰণৰ হয়। সমস্যাটো হ’ল ক’ৰনা ভাইৰাছ। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম অপ্ৰয়োজনত ঘৰৰ পৰা উলাই নাহিব। বিশেষকৈ বয়োজ্যেষ্ঠ সকল কোনো কাৰণতে উলাই নাহিব। আকৌ এবাৰ বিনম্ৰতাৰে অনুৰোধ জনালো।

 

দেশত ৫৩হেজাৰ ৪৫ জন আক্ৰান্ত। দীঘলীয়া চিকিৎসাৰ অন্তত ৰাজ্যত প্ৰথমজন আক্ৰান্ত সুস্থ। শিলচৰ চিকিৎসা মহাবিদ্যালয় এইক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। প্ৰায় ২২ বাৰ তেওঁক পৰীক্ষা কৰা হৈছিল | সকেলােত পজিটিভ আহিছিল। আমাৰ বাবে কঠিন প্ৰত্যাহ্বান আছিল। ৰাজ্যত ১৪ হেজাৰ লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। অসমত নমুনা পৰীক্ষা লেব সাতটালৈ বৃদ্ধি পালে। ব্যক্তিগত চিকিৎসালয়সমূহতো লেব প্ৰতিষ্ঠা কৰিবলৈ আহ্বান।

 

চৰকাৰে ডিফু আৰু তেজপুৰত আৰু দুটা লেব নিৰ্মাণ কৰিব। ৰাজস্থানৰ পৰা এখন বাছত ৪২ জন যাত্ৰীক কঢ়িয়াই অনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ। সেই বাছত অহা এজন যাত্ৰী ক’ভিড-১৯ত আক্ৰান্ত । ফৰিদুল ইছলাম নামৰ আক্ৰান্ত লোকজনৰ ঘৰ তেজপুৰত। ৰাজস্থানৰ আজমীৰ পৰা আহিছিল। সকলোকে শিলচৰত কোৱাৰেণ্টাইন কৰা হৈছে। ফৰিদুল ইছলাম নামৰ আক্ৰান্ত লোকজনৰ বিৰুদ্ধে তেজপুৰত কে’বাটাও ফৌজদাৰী গোচৰ আছে।

 

দলগাঁওত বহুদিন পলায় আছিল। কোন মূহুত্বত তেওঁ আজমীৰ শ্বৰিফ পালে আৰু শ্বৰিফৰ পৰা কিদৰে বৰাক উপত্যকা পালে সমগ্ৰ বিষয়টো চোৱা হৈছে। নিজামুদ্দিনৰ পাছত আজমীৰ শ্বৰিফ পৰা অহা এই বাছখন আমাৰ বাবে উদ্বেগৰ কাৰণ হৈছে। ৰেড জ’নৰ পৰা অহা সকেলােকে ব্যাধ্যতামূলক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ। প্ৰথম পৰীক্ষা ফলাফল নোলোৱা পৰ্যন্ত সকলো কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। এতিয়াৰ পৰা বহিঃৰাজ্যৰ পৰা অহা সীমিত সংখ্যক লোকহে অসমত প্ৰৱেশ কৰিব পাৰিব। দৈনিক কিমান সংখ্যক সোমাবা পাৰিব উল্লেখ কৰা হ’ব।

Exit mobile version