শতিকাৰ সৰ্বাধিক কৰ্মহীনঃ দেশত নিবনুৱাৰ হাৰ ২৭ শতাংশলৈ বৃদ্ধি 

ssc759
দেশত কৰ’না মহামাৰীয়ে বিপৰ্যয় নমাই আনিছে আৰ্থিক খণ্ডলৈ ৷ কৰ’না প্ৰতিৰোধৰ বাবে দীৰ্ঘদিনীয়া তলাবন্ধই সৃষ্টি কৰা প্ৰতিকূল পৰিবেশৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপ বন্ধ হৈ পৰিছে ৷ লাখ লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে ৷ ভাৰতত যোৱা তিনি মে’ত অন্ত পৰা সপ্তাহটোত নিবনুৱাৰ হাৰ ২৭.১১ শতাংশলৈ বৃদ্ধি পায় । ইয়াৰ পূৰ্বৰ ১৫ মাৰ্চত অন্ত পৰা সপ্তাহটোত নিবনুৱাৰ হাৰ আছিল মাত্ৰ ৬.৭৪ শতাংস। ইপিনে সমগ্ৰ এপ্ৰিল মাহটো গৃহবন্দী হৈ থকাৰ ফলত বিগত সপ্তাহ অৰ্থাৎ ২৬ এপ্ৰিলত অন্ত পৰা সপ্তাহটোত নিবনুৱাৰ হাৰ বৃদ্ধি হয় ২১.০৫ শতাংশলৈ।
ইপিনে ইয়াৰ পূৰ্বৰ সপ্তাহটোত নিবনুৱাৰ হাৰ আছিল ২৬.১৯ শতাংশ ৷ এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰৰ(চি এম আই ই)প্ৰতিবেদনে ৷ মুম্বাইৰ এই অগ্ৰণী গৱেষক সংস্থাটোৱে কয় যে চহৰাঞ্চলত নিবনুৱাৰ হাৰ অধিক । চি এম আই ইৰ মতে এপ্ৰিলত নিবনুৱাৰ হাৰ ২৩.৫৩ শতাংশ হয়,মাৰ্চত ই আছিল ৮.৭৪ শতাংশ ৷ সংস্থাটোৰ সাপ্তাহিক প্ৰতিবেদনলানিত প্ৰকাশ যে ভাৰতত ক’ভিড-১৯ বিশ্ব মহামাৰীৰ আৰম্ভণিৰ পৰা লাহে লাহে নিবনুৱাৰ হাৰ বাঢ়িবলৈ ধৰে ৷ বিগত শতিকাৰ ৩০ ৰ দশকত হোৱা মহামন্দাৰ সময়ত আমেৰিকাত নিবনুৱাৰ হাৰ হৈছিল প্ৰায় ২৫ শতাংশ। অৰ্থাৎ প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন কৰ্মহীন হৈছিল।
সাম্প্ৰতিক তথ্যত দেখা গৈছে যে ভাৰতৰ ছবিখন এতিয়া সেই একেই অৱস্থা পাইছে । যিখন দেশত ৯০ শতাংশ কৰ্মচাৰীয়ে অসংগঠিত ক্ষেত্ৰৰ স’তে যুক্ত হৈ আছে, সেই দেশত আৰ্থিক কাম কাজ বন্ধ হোৱাটো স্বাভাৱিক। দ্বিতীয়তে ২২ মাৰ্চত অন্ত পৰা সপ্তাহটোত কৰ্মক্ষমসকলৰ মাজত ৪২.৬ শতাংশই কৰ্মৰত আছিল বা কামৰ সন্ধান কৰিছিল । ২৬ এপ্ৰিলত অন্ত পৰা সপ্তাহটোত এই পৰিসংখ্যা আছিল ৩৫.৪ শতাংশ । ইপিনে তলাবন্ধৰ পূৰ্বে দেশত নিবনুৱাৰ হাৰ আছিল ৮.৪১ শতাংশ ৷ ডেৰ মাহত সেয়া ২৭.১১ শতাংশ হ’ল ৷ আশংকা কৰা হৈছে কল কাৰখানা মুকলি হ’লে কৰ্মহীন হোৱাৰ প্ৰকৃত ছবিখন পোহৰলৈ আহিব ৷ তেতিয়া অসংগঠিত খণ্ডৰ লগতে সংগঠিত খণ্ডতো ছাটাই আৰম্ভ হ’ব পাৰে।
মন কৰিব লগীয়া যে ভাৰতত কৰ’নাৰ পূৰ্বে অৰ্থনীতিৰ অৱস্থা উন্নত নাছিল ৷ সেই সময়ত নিবনুৱাৰ হাৰ আছিল সাত শতাংশৰ ওচৰে পাঁজৰে ৷ কৰ’নাৰ প্ৰভাৱত এতিয়া অৰ্থনীতিৰ কঁকাল একপ্ৰকাৰ ভাগি পৰিছে ৷ মাত্ৰ দুমাহৰ ভিতৰত নিবনুৱাৰ হাৰ সাত শতাংশৰ পৰা বাঢ়ি ২৭ শতাংশ হৈছে ৷ অৰ্থাৎ তলাবন্ধৰ ফলত ২০ শতাংশ মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে । গ্ৰামাঞ্চলৰ তুলনাত নগৰাঞ্চলৰ ছবিখন ভয়াৱহ বুলি শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে ।
Exit mobile version