তলাবন্ধৰ অনুভৱ : বংকিম শৰ্মা

Screenshot 20200508 164459

কৰ’নাৰ ব্যাখ্যা বহু ধৰণে হ’ব পাৰে। এই মাৰাত্মক মহামাৰীবিধ ক’ত কেনেকৈ উদ্ভৱ হ’ল সেই কথা বাদ দিও ক’ব পাৰি এয়া প্লেগৰ দৰেই  এক বীজাণু, কিন্তু আধ্যাত্মিকতাৰ দৃষ্টিভঙ্গীৰে মই এনেকৈও ভাবিব পাৰো যে কলিকালত মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰৰ বিপৰীতে মানুহক প্ৰকৃতিৰ শাসন। প্ৰকৃতিয়ে মানুহক সোঁৱৰাই দিছে মানুহ হ’বলৈ। এতিয়া মই দেখিছো প্ৰকৃতিৰ ভাষা আৰু আচৰণ সলনি হৈছে। শেহতীয়া ধুমুহাৰ বেগ আৰু গাজনিৰ শব্দ আমাৰ শৈশৱৰ সময়তকৈ বহু ভয়ানক। মোৰ ৭৮ বছৰীয়া জীৱনটোত এনে তলাবন্ধৰ পৰিৱেশ কেতিয়াও পোৱা নাছিলো।এয়া মোৰ বাবে কল্পনাৰ বাহিৰৰ এক অভিজ্ঞতা সেয়ে প্ৰথম অৱস্থাত মই মানসিক অশান্তিত ভুগিছিলো। কাৰণ মই মানসিক যোগাযোগ বিচৰা মানুহ। মানুহৰ সতে থাকি ভাল পাওঁ। গতিকে হঠাৎ কাৰাৰুদ্ধ হৈ পৰাৰ দৰে পৰিৱেশে মানসিকভাৱে কষ্ট দিলে , কিন্তু সময় পাৰ হোৱাৰ লগে লগে পৰিস্থিতিৰ সৈতে নিজকে মিলাবলৈ সক্ষম হ’লো।

 

 

সেয়ে মই চিকিৎসা বিশেষজ্ঞ আৰু চৰকাৰে কোৱা সকলো নিয়ম মানি চলিছো। কোৱা হৈছে যে ৬৫ বছৰৰ অধিক বয়সৰ লোকসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক, কিন্তু মোৰ এই আত্মবিশ্বাস আছে যে যিহেতু মই ঘৰৰ ভিতৰত সকলো নীতি নিয়ম মানি চলিছো, গতিকে মোৰ একো নহয়। এনেদৰেই মই আত্মবল সঞ্চিত কৰিছো। মানুহৰ লগত ঘৰৰ ভিতৰৰ পৰাই ফোনতে কথা পাতিছো। পুৱাৰে পৰা বাতৰি কাকত খন খৰচি মাৰি পঢ়িছো। এক কথাত বাতৰি কাকত আৰু ফোনটো মোৰ বৰ্তমান ভাল সংগী হৈ পৰিছে, কিন্তু এটা কথা ঠিক যে মোৰ ক্ষেত্ৰত সৃজনশীল কাম কিন্তু ব্যস্ততাৰ মাজতেই বেছিকৈ হয়। প্ৰথম অৱস্থাত অশান্তিদায়ক হৈ পৰা এই সময় আৰু পৰিস্থিতিৰ মাজত মই সৃষ্টিমূলক কাম কৰিবলৈ অসুবিধা পাইছিলো। এনে গোমা পৰিৱেশত মই সৃষ্টিশীল কাম কৰিবলৈ ভাল পাওঁ।

 

 

কিন্তু পাছত যেনিবা বহুদিনৰ পৰা পৰি থকা এটা কাম মই হাতত ল’লো। অসমৰ গীতি সাহিত্য সন্দৰ্ভত এক ৰচনা মই লিখিবলৈ আৰম্ভ কৰিছো। সেয়া মই পাঁচটা যুগত ভগাই লৈছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিৰ সময়ক প্ৰথম যুগ হিচাপে লৈ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা, হেম গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, কেশৱ মহন্ত, ড° ভূপেন হাজৰিকা, তফজ্জুল আলী, লক্ষ্যহীৰা দাস, নিৰ্মলপ্ৰভা বৰদলৈ, নগেন বৰা, প্ৰশান্ত বৰদলৈ, জয়ন্ত বৰুৱা, ৰূপালী চেতিয়া, হীৰেন গোহাঁই, দিলীপ চৌধুৰী, অপূৰ্ব বেজবৰুৱা, জিতুল সোণোৱাল, জুবিন গাৰ্গ, দীক্ষু আদিলৈকে গীতৰ সুৰ-কথাৰ ওপৰত ভিত্তি কৰি এই ৰচনা লিখি আছো ।এই সময়ছোৱাত আৰু বহু সংখ্যক গীতিকাৰৰ লগতে আমিবোৰো আছো। এই কামৰ ভিত্তি বাবে প্ৰয়োজনীয় গ্রন্থও পঢ়িবলগীয়া হৈছে। গতিকে তলাবন্ধই সেই সুযোগ নিদিয়াকৈ থকা নাই। তদুপৰি, এই সময়ত ১২ টা মান গীত ৰচনা কৰিলো। ইয়াৰে ভিতৰত ৫ টা একেবাৰেই নতুন আৰু বাকীকেইটা সম্পূৰ্ণ কৰিলো বহুদিনৰ পাছত । এই গীতসমূহ কে’বাজনো কণ্ঠশিল্পীয়ে বিচাৰি আছিল।

 

 

মই বাণ থিয়েটাৰৰ বর্তমান সভাপতি। গতিকে দায়িত্ব থকাৰ লগতে কামো আছে। কিছু পৰিকল্পনা আছিল আৰু সেয়া কৰিবলৈ আৰম্ভ কৰোতেই হ’ল এই তলাবন্ধ। বাণ থিয়েটাৰৰ সতে মোৰ অৰ্দ্ধ শতিকাতকৈ অধিক পুৰণি সম্পৰ্ক। গতিকে তালৈ যাব নোৱাৰি মনটোৱে হাহাকাৰ কৰিছে। কিন্তু মোক কাৰ্যনিৰ্বাহকৰ সদস্যসকলে ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে। জানোচা মোৰ অপকাৰ হয়! এতিয়া যিহেতু কৰ’নাৰ প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই, গতিকে আমি নিয়ম-নীতি মানি চলি কৰ’নাক বিদায় নিদিলে আৰু কিমানদিনলৈ কাৰাৰুদ্ধ জীৱনৰ দৰে সময় অতিবাহিত কৰিব লাগিব তাৰ নিশ্চয়তা নাই। গতিকে একমাত্ৰ নিয়ম পালনেই এতিয়া মুক্তিৰ উপায়।

Exit mobile version