মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

himanta 1587224358

ৰাজাস্থানৰ আজমীৰ শ্বৰীফৰ পৰা পৰা অহা বাছখনত ৪৫ জন শিলচৰলৈ আহিছিল| ছাহাবুদ্দিন ছডদিউল(৫৩), ৰাজুউদ্দিন ছদিউল (৩৬), বেবি বেগম ছদিউল (৩৬), চাবিয়া বেগম (০৯) কৰ’নাত আক্ৰান্ত | এওঁলোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হৈছে | বাছখন পুৱা আহি পোৱাত এওঁলোক ঘৰলৈ গৈছিল আৰু জিলা প্ৰশাসনে ইতিমধ্যে দুৰ্গা নগৰ চাৰি নম্বৰ, দয়াপুৰ দুই নম্বৰ, মাসন নগৰ, জিৰিঘাট, দিদাল কান্দি তিনি নম্বৰ, মতিনগৰ, বহৰিকাণ্ডি, কাজিধৰ, চাইদাপুৰ, পাতধৰ, ৰামনগৰ, তাৰাপুৰ, চিৰুকালি কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা |

 

১৫০ পৰিয়ালক কোৱাৰেণ্টাইন | ১৮৫ জনক স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰিছে | ৰাজ্যত কৰ’নাত আক্ৰান্ত ৪৬ নম্বৰ ৰোগী ছাহাবুদ্দিনৰ সংক্ৰমিত শক্তি অধিক বাবেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক | ইতিমধ্যে বাছখনত অহা ৪৫ জনৰ ৩৩ জনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ, চাৰিজনৰ পজিটিভ, ছজনৰ পুনৰ পৰীক্ষা সম্পন্ন কৰাৰ উপৰি দুজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পঠোৱা হৈছে |

Exit mobile version