মৰিগাঁৱত শিৱ মন্দিৰৰ চৌহদতে আত্মহত্যা এজনৰ

Death Picture EPS

মৰিগাঁও চহৰৰ সমীপৱৰ্তী অঞ্চল নাওকটা কাছমাৰীত থকা এটা শিৱ মন্দিৰৰ চৌহদতে কালি নিশা এজোপা গছত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। তলাবন্ধৰ বাবে কোনো লোক সেইফালে অহা যোৱা নকৰাৰ বাবে আজি দিনৰ ভাগলৈকে ঘটনাটো পোহৰলৈ অহা নাছিল। পিছত স্থানীয় ৰাইজে মৰিগাঁও সদৰ থানাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৃতদেহটো প্ৰেৰণ কৰে । ঘটনাৰ সবিশেষ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ মতে আত্মহত্যা কৰা লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত। ইপিনে মৰিগাঁও সদৰ থানাৰ আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।

Exit mobile version