শিৱসাগৰৰ মুক্তিনাথ শিৱদৌলত দৈনিক অৰ্ধশতাধিক পাৰ চৰাইৰ কৰুণ মৃত্যু

SIVSAGAR

বৰৰজা মদাম্বিকা কুঁৱৰীয়ে নিৰ্মাণ কৰা শিৱসাগৰৰ ঐতিহাসিক মুক্তিনাথ শিৱদৌলত তলাবন্ধৰ ফলত হোৱা খাদ্যৰ অভাৱত দৈনিক ২০ ৰ পৰা ৫০ টাতকৈও অধিক পাৰ চৰাইৰ মৃত্যু হোৱা ঘটনাই প্রকৃতিপ্ৰেমী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগৰৰ মাজমজিয়াত শিৱসাগৰ বৰপুখুৰীৰ দক্ষিণ পাৰত বিষ্ণু দৌল আৰু দেৱী দৌলৰ মাজত অৱস্থিত মুক্তিনাথ শিৱদৌলৰ লগতে বাকী কেইটাতো হাজাৰ হাজাৰ পাৰ চৰায়ে বছৰ বছৰ ধৰি বাস কৰি আহিছে। কিন্তু তলাবন্ধৰ বাবে সম্প্ৰতি পাৰৰ জাক বোৰলৈ নামি আহিছে তীব্ৰ খাদ্য সংকট। খাদ্য সংকটত পৰি এনেদৰে পাৰবোৰৰ দৈনিক মৃত্যু হৈ থাকিলে অতি শীঘ্ৰেই দৌলৰ পাৰজাক নিঃশেষ হৈ পৰাৰ পূৰ্ণ সম্ভৱনাই দেখা দিছে। এই ঘটনাই দৌলৰ পূজাৰী আৰু পক্ষীপ্ৰেমী সকলক উদ্বিগ্ন কৰি তুলিছে যদিও এই বিষয়টোক দৌল পৰিচালনা সমিতিয়ে আওকাণ কৰিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে ।

ADVERTISEMENT

 

 

উল্লেখ্য যে শিৱসাগৰৰ কেইবাগৰাকী আৰক্ষী বিষয়া, সমাজ সচেতন লোক তথা প্রকৃতি প্ৰেমীয়ে তলাবন্ধৰ সময়ছোৱাত শিৱসাগৰ বৰপুখুৰীত থকা হাঁহবোৰক দৈনিক খাদ্যৰ যোগান ধৰাৰ লগতে দ’লমুখ চাৰিআলিত থকা ভোকাতুৰ কুকুৰবোৰক দৈনিক খিচিৰিৰ যোগান ধৰি আহিছে। কিন্তু দৌল পৰিচালনা সমিতিয়ে অৰ্থৰ অভাৱ নোহোৱা সত্বেও দৌলত বাস কৰা পাৰ চৰাইবোৰৰ জীৱনৰক্ষা কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আনহাতে, দৌলত দৈনিক মৃত্যু হোৱা পাৰবোৰ ওপৰৰ পৰা মাটিত সৰি পৰা মাত্ৰকে কুকুৰ আৰু মেকুৰীয়ে নিজৰ আহাৰত পৰিণত কৰাৰ কৰুণ দৃশ্যও দেখিবলৈ পোৱা গৈছে।

Exit mobile version