কৰ’নাত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা এগৰাকী মহিলাক কোৱাৰেন্টাইন নগাঁৱৰ চিকিৎসালয়ত

coronavirus14

নগাঁও জিলা প্ৰসাশন আৰু স্বাস্থ্য বিভাগে জিলাখনৰ প্ৰতিটো অঞ্চলত ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত ৰাখিছে । অসম সামূহিক নিৰীক্ষণ কৰ্মসূচী অধীনত জিলা স্বাস্থ্য বিভাগৰ ৯১টা দলে ঘৰে ঘৰে গৈ প্ৰতিজন লোকৰ স্কীণিং কৰাৰ কাম আৰম্ভ কৰিছে । জ্বৰ, কাহ, উশাহ-নিশাহত কষ্ট পোৱা লোকৰ লেলাৱতীৰ নমুনা সংগ্ৰহ কৰাৰ ব্যবস্থা গ্ৰহণ কৰিছে । নগাঁও জিলা উপায়ুক্ত আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অতুল চন্দ্ৰ পাটৰে এই নিৰীক্ষণ কৰ্মসূচীত সকলো লোককে সহযোগিতা আগবঢ়াবলৈ আহবান জনাইছে ।

ইপিনে আজিও জিলাখনৰ তিনিখন চিকিৎসালয়ত ৩৫ জন কোৱাৰেন্টাইন হৈ আছে । এই সকলৰ ভিতৰত আজি নতুনকৈ কোৱাৰেন্টাইন কৰা চাৰিজন লোকো আছে । কোৱাৰেন্টাইন হৈ থকা সকলৰ ভিতৰৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ছয় গৰাকী, উজৰাগাওঁ আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ২৭ গৰাকী আৰু মোৱামৰী আদৰ্শ প্ৰাথমিক চিকিৎসলয়ত ২ গৰাকী কোৱাৰেন্টাইন হৈ আছে । স্মৰ্তব্য যে, বৰ্তমানলৈকে নগাওঁ জিলাৰ বিভিন্ন চিকিৎসালয়ত ১৭১ গৰাকী লোকক কোৱাৰেন্টাইন কৰা হৈছিল । ইতিমধ্যে ইয়াৰে ১৩৬ জনক ঘৰলৈ যাবলৈ দিয়া হৈছে । জিলাখনত বৰ্তমানলৈকে ১১৯ গৰাকীৰ প্ৰথম পৰ্যায়ৰ নমুনা সং‍গ্ৰহ কৰা হৈছিল । ইয়াৰে ১১৫ গৰকীৰ নমুনা প্ৰতিবেদনত কৰ’না ভাইৰাছ নিগেটিভ আহিছে ।চাৰি গৰাকীৰ প্ৰতিবেদন আহিবলৈ বাকী আছে ।

আজি কোৱাৰেন্টাইন কৰা এগৰাকী গুৱাহাটীৰ বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, প্ৰতিমা দেৱী নামৰ মহিলা গৰাকী নগাঁৱৰ ৰহাৰ জোৱায়েকৰ ঘৰলৈ আহিছিল । এই মহিলাগৰাকী গুৱাহাটী চানমাৰীৰ অমিয়া নগৰৰ কৰ’নাত আক্ৰান্ত বৰদা দাসক ২৭ এপ্ৰিলত লগ পাইছিল । এই তথ্য লাভ কৰি নগাঁও জিলা স্বাস্থ্য বিভাগে আজি পুৱাৰ ভাগত প্ৰতিমা দেবীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি স্কীণিং কৰি উজৰাগাওঁ প্ৰাথমিক চিকিৎসালয়ত কোৱাৰেন্টাইন কৰে ।

তদুপৰি হোজাইৰ এজন, নগাঁও চহৰৰ এজন আৰু নগাঁও চহৰৰ সমীপৰ গাম্যাঞ্চলৰ এজন লোকক কোৱাৰেন্টাইন কৰা হৈছে । এই চাৰিজনৰ নমুনা সংগ্ৰহ কৰি তেজপুৰ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে । আনহাতে শুক্ৰবাৰে সন্ধ্যা ধিঙৰ বৰভেটিৰ চহৰ আলি ( ৬৫) নমৰ এজন লোকৰ হঠাতে মৃত্যু হয় । এই লোকজনৰ মৃতদেহ নগাঁও ভোগেশ্বৰী ফূকননী অসামৰিক চিকিৎসালয়লৈ আনি আজি পুৱা নমুনা সংগ্ৰহ কৰি সেই নমূনা তেজপুৰলৈ প্ৰেৰণ কৰে । মৃত লোকজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে ।

Exit mobile version