কৰ’না সংক্ৰমণৰ পৰিপেক্ষিতত সুৰাৰ হোম ডেলিভাৰীৰ কথা বিবেচনা কৰিব পাৰিব ৰাজ্যই

RUM

সামাজিক দূৰত্ব বিধি যাতে লংঘন কৰা নহয়, তাক লৈ নিশ্চিত কৰিবলৈ অনলাইনৰ জৰিয়তে অথবা “হোম ডেলীভাৰী” ব্যৱস্থাৰে সুৰা যোগানৰ কথা দেশৰ ৰাজ্যসমূহে বিবেচনা কৰিব পাৰিব ।  উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্ব্বোচ্চ ন্যায়ালয়ৰ তিনিজনীয়া সদস্যৰ বিচাৰপীঠে এই মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে চলিত সপ্তাহতে দেশৰ সুৰাৰ বিপণীসমূহ তলাবন্ধৰ মাজতো মুকলি ৰখাৰ অনুমতি দিয়া হৈছিল আৰু সুৰাৰ বিপনী খোলাৰ পিছতো যথেষ্টসংখ্যক ক্ৰেতাই সামাজিক দূৰত্ব বিধি ভংগ কৰি সুৰা কিনিবলৈ বিপনীত ভিৰ কৰি আহিছে ।

 

কৰ’নাৰ সামাজিক সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বিধি পালন কৰাটো অতি জৰুৰী বুলি যুক্তি দৰ্শাই সুৰাৰ অনলাইন বা ঘৰতে যোগান ধৰিবলৈ দাবী উত্থাপনৰে সৰ্ব্বোচ্চ ন্যায়ালয়ে ৰাজ্যসমূহে সুৰাৰ হোম ডেলীভাৰী” বা অনলাইন যোগান ধৰাৰ বিকল্পৰ কথা চিন্তা চৰ্চা কৰিব বুলি মত প্ৰকাশ কৰে । অৱশ্যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কোনো ৰায় দিয়া নাই ৷ “আমি কোনো নিৰ্দেশনা জাৰি নকৰো,কিন্তু ৰাজ্যসমূহে সামাজিক দূৰত্ব বিধি পালনাৰ্থে সুৰাৰ অপ্ৰত্যক্ষ বিক্ৰী অথবা হোম ডেলিভাৰী” কথা বিবেচনা কৰিব পাৰিব ৷”এই মন্তব্য বিচাৰপীঠৰ ৷

Exit mobile version