ভাৰতীয় সংস্কৃতিত যিদৰে গংগা নদীক পবিত্ৰ আখ্যা দিয়া হয়, সেইদৰে গংগাৰ পানী অৰ্থাৎ গংগা জলৰো বিশেষ গুৰুত্ব আছে । গংগাৰ পানীয়ে অনেক ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি অতীজৰ পৰাই একাংশ লোকে বিশ্বাস কৰি আহিছিল । সেইবাবেই দেশব্যাপী গংগাজলৰ চাহিদাও বেছি । কিন্তু শেহতীয়াকৈ উত্থাপিত হৈছে গংগাজলৰ দ্বাৰা ক’ভিড-১৯ ৰ চিকিৎসাৰ দাবী । আনকি কেন্দ্ৰীয় চৰকাৰেও বিষয়টোত গুৰুত্ব আৰোপ কৰিছে যদিও বিষয়টো একেবাৰে নস্যাৎ কৰিলে ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে । এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰস্তাৱতে কৰ’নাৰ চিকিৎসাত গংগাজল প্ৰয়োগৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ে।
উল্লেখ্য যে তলাবন্ধৰ বাবে দীৰ্ঘদিন ধৰি কল-কাৰখানা সমূহ বন্ধ হৈ আছে । ফলত দেশৰ অন্যান্য স্থানৰ লগতে গংগাৰ প্ৰদূষণো হ্ৰাস পাইছে । সেইদৰে বৃদ্ধি পাইছে পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ । গংগাত পুনৰ বিচৰণ কৰা পৰিলক্ষিত হৈছে বিলুপ্তিৰ গৰাহত পৰা নদী ডলফিনক । এইবাৰ কৰ’না ভাইৰাছৰ চিকিৎসাত গংগাৰ পানী ব্যৱহাৰ কৰিব পাৰি নেকি, সেয়া পৰীক্ষা কৰি চাবলৈ শেহতীয়াকৈ দাবী উত্থাপন কৰিছে ‘অতুল গংগা’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে । প্ৰাক্তন সেনা আৰু সেনা বিষয়াৰে গঠিত এই সংগঠনটোৰ প্ৰধান কাম হৈছে গংগা নদীক স্বচ্ছ ৰখাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰা । যোৱা মাহৰ শেষৰফালে সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰত তেওঁলোকে কৰ’নাৰ চিকিৎসাত গংগাজল ব্যৱহাৰ কৰিলে কিবা হয় নেকি, সেয়া পৰীক্ষা কৰি চাবলৈ দাবী জনায় ।
স্বেচ্ছাসেৱী সংগঠনটোৱে যুক্তি দৰ্শায় যে গংগাৰ পানীত ‘নিনজা ভাইৰাছ’ নামৰ এবিধ ‘বেক্টেৰিঅ’ফাজ’ থাকে, যি কৰ’না ভাইৰাছ নাশ কৰাত সক্ষম । স্বেচ্ছাসেৱী সংগঠনটোৰ গৱেষণাৰ তথ্য দাঙি ধৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে গংগাজলক লৈ অধিক গৱেষণা চলাবলৈ অনুৰোধ জনায়, ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ’ক । ভাৰতত কৰ’নাৰ চিকিৎসা কি পদ্ধতিৰে হ’ব সেয়া ঠিক কৰাৰ দায়িত্বত আছে আইচিএমআৰ । জলশক্তি মন্ত্ৰণালয়ৰ গংগাক প্ৰদূষণমুক্ত কৰাৰ কেন্দ্ৰীয় প্ৰকল্প ‘নমামি গংগাৰ’ৰ তৰফৰ পৰাও আইচিএমআৰলৈ পত্ৰ প্ৰেৰণ কৰি গংগাজলৰ ‘ক্লিনিকেল ট্ৰায়েল’ কৰাৰ প্ৰস্তাৱ দিয়া হয় । কিন্তু সম্প্ৰতি আইচিএমআৰৰ তৰফৰ পৰা এই ধৰণৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নহয় বুলি স্পষ্ট কৰি দিছে ।আইচিএমআৰৰ গৱেষণা প্ৰস্তাৱ পৰ্যালোচনা কমিটীৰ মূৰব্বী কে গুপ্তই কয়, ‘এই মুহূৰ্তত গংগাজলক কৰ’না চিকিৎসাত ব্যৱহাৰ কৰাৰ দৰে তথ্য-প্ৰমাণ আমাৰ হাতত নাই । সেয়ে বিষয়টোক বিবেচনা কৰা হোৱা নাই ।কোনো সংস্থাই যদি এই ক্ষেত্ৰত নিজাববীয়াকৈ গৱেষণা কৰিব বিচাৰে, তেন্তে কৰিব পাৰে । কিন্তু আইচিএমআৰ এই সময়ত প্লাজমা থেৰাপীক লৈ ব্যস্ত হৈ আছে ।’