চি বি এছ ইৰ বাকী ৰোৱা দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ’ব জুলাইত

966397 ramesh pokhriyal nishank

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( চি বি এছ ই ) দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী ৰৈ যোৱা পৰীক্ষা সমূহ জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰা হব। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱালে এই কথা সদৰী কৰে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এই পৰীক্ষা সম্পূৰ্ণকৈ অনুষ্ঠিত হোৱা নাছিল। ‘এই বাকী থকা পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰী সকলে গভীৰ ভাৱে অপেক্ষা কৰি আছে। আজি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে ১ ৰ পৰা ১৫ জুলাইলৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।’ মন্ত্ৰীজনে এনেদৰে কয় । যোৱা১৬ মাৰ্চত দেশজুৰি ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে স্কুল কলেজ বন্ধ কৰি দিয়া হৈছিল।

ADVERTISEMENT
Exit mobile version