ছলমান খানৰ ফাৰ্ম হাউচত অভিনেত্ৰী জেকলিন

03

কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ সময়ত দেশবাসী সম্প্ৰতি গৃহবন্দী ৷ ব্যক্তিক্ৰম নহয় বলীউডৰ চেলীব্ৰেটীসকল ৷ বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ গৃহবন্দী হৈ আছে পানভেলস্থিত ছলমান খানৰ ফাৰ্ম হাউচত ৷ ফাৰ্ম হাউচত থকা সময়খিনিত জেকলিনে কেনেধৰণে সময় পাৰ কৰিছে,সেই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ভিডিঅ’টিত জেকলিনে ঘোঁৰা দৌৰা,গ্ৰন্থ অধ্যয়ন আৰু গছত বগোৱা দেখা গৈছে ৷ জেকলিনৰ ৪ মিনিটৰৰ ভিডিঅ’টিত নাৰিকল গছত বগোৱা,ঘোঁৰাক গা ধুওৱা,ঘোঁৰাৰ স’তে খেলাৰ উপৰিও বিভিন্ন জন্তু আৰু চৰাই,ছাগলী,কুকুৰৰ স’তে সময় অতিবাহিত কৰা দেখা গৈছে। লগতে নিজৰ কাম নিজে কৰা আৰু ফাৰ্ম হাউচৰ কৰ্মচাৰীসকলৰ স’তে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা দেখা গৈছে অভিনেত্ৰী জেকলিনক।

ইফালে ছ’চিয়েল মিডিয়াত ছলমান খান আৰু জেকলিন ফাৰ্নাণ্ডেজৰ এটা সাক্ষাৎকাৰ অনুৰাগীসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। সাক্ষাৎকাৰটোত ছলমান খান আৰু জেকলিনৰ নতুন গীত “তেৰে বিনা” ৰ সন্দৰ্ভত মন্তব্য কৰিছে ৷ ছলমানে কয়” এই গানটো ছবিৰ কাৰণে উপযুক্ত নহ’ব। গতিকে মই ভাবিলো গানটো এনেকৈয়ে মুক্তি দিয়া যাওক” ৷

আনহাতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি গীতটি দৃশ্য গ্ৰহণ কৰোতে হোৱা অভিজ্ঞতা সন্দৰ্ভত জেকলিন ফাৰ্নাণ্ডেজে কয় ” দৃশ্যগ্ৰহণৰ কাৰণে লাইট,মেকআপ আৰু অন্যান্য বহু প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰয়োজন। কিন্তু এই গীতটিৰ দৃশ্যগ্ৰহণত কেৱল মাত্ৰ তিনিজন লোকে সকলো ব্যৱস্থা কৰিছে। মই এই গীতটিৰ দৃশ্যগ্ৰহণৰ লগতে লাইট মেকআপ আদি সকলো কাম চাইছো “৷

উল্লেখযোগ্য যে সচৰাচৰ দৰে এইবাৰো কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে ছলমান খানে ৷এইবাৰ ছলমান খানৰ লগত সহযোগ কৰিছে জেকলিন ফাৰ্নাণ্ডেজৰ লগতে ইউলিয়াই। গতিকে সম্প্ৰতি জেকলিন আৰু ছলমান খানে অনুৰাগীসকলক ঘৰতে সুস্থ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান কৰিছে ৷

Exit mobile version