পৃথিৱীৰ সবাতোকৈ ওচৰত থকা কৃষ্ণ গহ্বৰৰ সন্ধান লাভ

black 1

পৃথিৱীৰ সবাতোকৈ ওচৰত থকা এটি ‘ব্লেক হোল’ বা কৃষ্ণ গহ্বৰ বিচাৰি পোৱা গৈছে । বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি চলাই থকা পৰ্যবেক্ষণত এটি কৃষ্ণ গহ্বৰৰ স্থিতি বিচাৰি পোৱা গৈছে । পৃথিৱী আৰু এই কৃষ্ণ গহ্বৰটিৰ মাজৰ দূৰত্ব এহেজাৰ আলোকবৰ্ষ । বিজ্ঞানীসকলৰ ভাষাত পৃথিৱী আৰু কৃষ্ণ গহ্বৰটিৰ মাজৰ এই দূৰত্বক ‘মাত্ৰ’ আখ্যা দিব পাৰি । জ্যোতিবিজ্ঞানীসকলৰ মতে এই সামান্য দূৰত্বৰ বাবে পৃথিৱীৰ পৰা কৃষ্ণ গহ্বৰটিক খালী চকুৰেও দেখা পোৱাটো সম্ভৱ । জাৰ্মানীৰ মিউনিখস্থিত ইউৰোপীয়ান ছাউদাৰ্ণ অবজাৰভেটাৰি ৰ পৰা প্ৰথমে এই কৃষ্ণ গহ্বৰটিক দেখিবলৈ পায় । ইয়াৰ পূৰ্বে বিজ্ঞানীসকলে আন এটি কৃষ্ণ গহ্বৰৰ সন্ধান লাভ কৰিছিল । এই কৃষ্ণ গহ্বৰটি আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আছিল ৩২০০ আলোকবৰ্ষ ।

ফলত ই এছ অ’ৰ বিজ্ঞানীসকলে সন্ধান লাভ কৰা কৃষ্ণ গহ্বৰটিক বৰ্তমানলৈ পৃথিৱীৰ সবাতোকৈ ওচৰত থকা কৃষ্ণ গহ্বৰ হিচাপে স্বীকৃতি দিয়া হৈছে।ই এছ অ’ৰ বিজ্ঞানীসকলে জনোৱা অনুসৰি পৃথিৱীৰ দক্ষিণ গোলাৰ্ধৰ পৰা নিশাৰ পৰিষ্কাৰ আকাশলৈ চালে খালি চকুৰেই এই কৃষ্ণ গহ্বৰটিৰ চাৰিওদিশে ঘূৰি থকা নক্ষত্ৰবিলাক দেখিবলৈ পোৱা যায় । বহু বছৰ পূৰ্বৰ পৰাই বিজ্ঞানীসকলে দুটি নক্ষত্ৰ থকা যেন লগীয়া এখন সৌৰজগত পৰ্যবেক্ষণ কৰি আছে । এই সৌৰজগতৰ মাধ্যমতেই বিজ্ঞানীসকলে এই কৃষ্ণ গহ্বৰটিৰ সন্ধান লাভ কৰে; কিন্ত গহ্বৰটিৰ আকৰ্ষণীয় ক্ষমতা ইমানেই অধিক যে ইয়াৰ পৰা সমান্যভাৱেও পোহৰ ওলাই আহিবলৈ সক্ষম নহয় । সেয়েহে কৃষ্ণ গহ্বৰৰ সন্ধান লাভ কৰাটো এক অসম্ভৱ প্ৰায় কাৰ্যৰ দৰে ।

বিজ্ঞানীসকলে এই কৃষ্ণ গহ্বৰটি বিচাৰি উলিয়াবলৈ সক্ষম হৈছে মাত্ৰ এটি দিশেৰে । সেয়া হৈছে এই কৃষ্ণগহ্বৰটিৰ কাষে কাষে আন তিনিটা নক্ষত্ৰ উজলি থকা দেখা যায় । দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিয়ে বিজ্ঞানীসকলে এই নক্ষত্ৰকেইটা দেখিবলৈ পায় । সূৰ্যতকৈও চাৰি -পাঁচ গুণ ডাঙৰ নক্ষত্ৰক এটি কলা বিন্দুৱে ক্ৰমশঃ নিজৰ দিশলৈ টানি নিছে । এই দৃশ্য দেখাৰ পাছতে বিজ্ঞানীসকলে সিদ্ধান্তত উপনীত হয় যে কৃষ্ণ গহ্বৰৰ বাহিৰে আৰু ই আন একো নহয় ।

Exit mobile version