বিশ্বত কৰ’না ভাইৰাছৰ শেহতীয়া তথ্য

কৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বক ধৰাশায়ী কৰিছে। এই সময়তে চাওঁ আহক বিশ্বত মহামাৰীৰ শেহতীয়া তথ্য

১.জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ মতে সমগ্ৰ বিশ্বত প্ৰায় ৩.৯ নিযুত লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ।ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২,৭৪,০০০ জন লোক ৷

২.প্ৰযুক্তি বিদ্যাৰে উন্নত দেশবোৰৰ অহংকাৰ নিমিষতে ধ্বংস কৰিছে মহামাৰী কৰ’নাই। আমেৰিকাত এপ্ৰিলত ২০.৫ নিযুত লোকে চাকৰি হেৰুৱাইছে ।আৰু ইতিহাস ৰচি কৰ্মসংস্থাপন হেৰুৱাই দ্বিতীয় স্থানত আছে কানাডা।

৩.ৰজা প্ৰজা একাকাৰ কৰিছে মহামাৰী কৰ’নাই ৷শুক্ৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সদৰী কৰে যে দেশখনৰ উপৰাষ্ট্ৰপতিৰ মিডিয়া উপদেষ্টাও আক্ৰান্ত হ’ল কৰ’নাত ।ইয়াৰ লগে লগে হোৱাইট হাউচত বৃদ্ধি পায় তৎপৰতা ৷

৪.হংকঙত ইতিমধ্যে জীম,মিউজিয়াম,ৰেষ্টুৰেণ্ট,বাৰ আদি খোলাৰ অনুমতি দিছে চৰকাৰে ৷

৫.”তলাবন্ধত হ্ৰাস পাইছে আৰ্থিক বিকাশৰ হাৰ”সকিয়নী ব্ৰাজিলৰ বিত্তমন্ত্ৰীৰ ৷

Exit mobile version