সুস্থ হৈয়ে ভাৰতীয় মূলৰ পত্নীক বিবাহ বিচ্ছেদ দিলে বিট্ৰেইনৰ প্ৰধানমন্ত্ৰী জনছনে

NINTCHDBPICT000507469368 e1582022483358

ইতিহাস ৰচনা কৰি বিবাহ বিচ্ছেদ সম্পন্ন কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে । অৱশেষত ভাৰতীয় বংশোদ্ভূত পত্নী মাৰিনা উইলাৰৰ সৈতে জনছনৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত ব্ৰিটিছ আদালতে অনুমোদন জনালে । এই ঘটনাৰ জৰিয়তে ২৫০ বছৰীয়া ব্ৰিটেইনৰ ইতিহাস প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিছাপে এক নতুন অভিলেখ গঢ়িলে জনছনে ৷ জনছন হৈছে প্ৰথমগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৷ যি ক্ষমতাত থকাৰ সময়ত পত্নীক বিবাহ বিচ্ছেদ দিয়ে ।

 

উল্লেখযোগ্য যে অলপতে কৰ’না ভাইৰাছত সংক্ৰমিত হৈ দীৰ্ঘদিন চিকিৎসালয়ত থকাৰ পাছত জনছন সুস্থ হৈ ঘৰলৈ উভতিছিল ৷ ১৯৯৩ চনত প্ৰথম পত্নী এলেগ্ৰা ম’ষ্টাইন আউয়েনৰ স’তে বিবাহ বিচ্ছেদৰ মাত্ৰ ১২ দিনৰ পাছত জনছনে ভাৰতীয় মূলৰ মাৰিনাক দ্বিতীয় পত্নী হিচাপে স্বীকৃতি দিছিল । মাৰিনাৰ পিতৃ এজন সাংবাদিক আৰু মাতৃ ভাৰতীয় বংশোদ্ভুত আছিল । জনছন আৰু মাৰিনাৰ দুটি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে । ২০১৮ ত জনছন মাৰিনাৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু চলিত সপ্তাহত এই প্ৰক্ৰিয়াত আদালতে অনুমোদন জনায় । বিবাহ বিচ্ছেদ সম্পন্ন হোৱাৰ পিছতে জনছনে তেওঁৰ প্ৰেমিকা কেৰী ছাইমণ্ডছক পত্নী হিছাপে গ্ৰহণ কৰাৰ পথ মুকলি হ’ল । যোৱা ২৯ এপ্ৰিলত কেৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল । জনছনৰ পূৰ্বে ১৭৬৯ ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত অগাস্তাজ ফিটজবয়ে পত্নীৰ স’তে বিবাহ বিচ্ছেদ সম্পন্ন কৰিছিল ।

Exit mobile version