কাজিৰঙাত নিৰ্মীয়মান মথাউৰিৰ কাম-কাজ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

atul bora

কাজিৰঙা আৰু সংলগ্ন অঞ্চলসমূহকো বান আৰু গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্য পুঁজিৰে নিৰ্মীয়মান কাজিৰঙা উপ-প্ৰকল্পৰ কাম দেওবাৰে পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই | উল্লেখ্য যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্য পুঁজিৰে নিৰ্মীয়মান কাজিৰঙা উপ-প্ৰকল্পৰ কাম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ত বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত শুভাৰম্ভ কৰিছিল ।

মন্ত্ৰীজনে ইয়াৰ কাম-কাজ নিৰীক্ষণ কৰি কয়, “এই প্ৰকল্পটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো বোকাখাতক বানপানীৰ পৰা ৰক্ষা কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ হ’বলগীয়া ৩.৭ কিমি. দৈৰ্ঘ্যৰ মথাউৰিটোৱে কাজিৰঙা আৰু সংলগ্ন অঞ্চলসমূহকো বান আৰু গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰিব। নিৰ্মীয়মান মথাউৰিটোৰ কাম-কাজ পৰিদৰ্শন কৰি বিষয়া তথা শ্ৰমিক সকলৰ স’তে বাৰ্তালাপ কৰোঁ আৰু এই ক্ষেত্ৰত তেওঁলোকে কৰা কঠোৰ পৰিশ্ৰমৰ মই আন্তৰিকতাৰে শলাগ লৈছোঁ।”

Exit mobile version