কৰ’নাৰ মাধমাৰ

105678452 1547539895670gettyimages 621864612

কৰ’না ভাইৰাছৰ তাণ্ডৱত বিশ্বৰ অৰ্থনীতি বিপৰ্যস্ত হৈছে । এই মহামাৰীৰ প্ৰভাৱত পূৰ্বৰে পৰা ককবকাই থকা ভাৰতৰ অৰ্থনীতি অধিক ক্ষতিগ্ৰস্ত হৈছে ৷ পৰিস্থিতি ইমানেই ভয়াৱহ যে বেংকৰ পৰা লোৱা ঋণৰ পৰা একেকোবে বহু বৃদ্ধি কৰিবলগীয়া হয় কেন্দ্ৰই ৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই সদৰী কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত বিভিন্ন ধৰণৰ বণ্ড জমা থৈ ১২ লক্ষ কোটি টকা ঋণ ল’ব কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ পূৰ্বে এই ঋণৰ পৰিমাণ আছিল সাত লাখ ৮০ হেজাৰ কোটি টকা ৷ বণ্ডৰ বিপৰীতে ৰিজাৰ্ভ বেংকৰ পৰা কেন্দ্ৰই ঋণ লোৱাৰ কথা নতুন নহয়। প্ৰতি বছৰে বাজেটৰ ঘাটি পূৰণৰ বাবে এই ধৰণে বণ্ড জমা হয় । সেই বণ্ড খোলা বজাৰত বা ব্যৱসায়িক বেংকসমূহক আদায় দিয়ে ৰিজাৰ্ভ বেংকে । এই বাজেটৰ পাছত সিদ্ধান্ত লোৱা হৈছিল যে দৈনন্দিন কাম কাজ অব্যাহত ৰাখিবলৈ সপ্তাহত ১৯ হেজাৰৰ পৰা ২১ হেজাৰ কোটি টকা ঋণ ল’ব চৰকাৰে ৷ কিন্তু কৰ’নাৰ ফলত অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে ৰাজহ আদায়ৰ পৰিমাণ একেবাৰে কম হৈছে । ফলত বাধ্য হৈ অতিৰিক্ত ঋণ ল’বলগীয়া হৈছে চৰকাৰে ৷

ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে,চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰৰ ঋণৰ পৰিমাণ বৃদ্ধি হৈ ১২ লক্ষ কোটি টকা হ’ব । অৰ্থাৎ প্ৰতি সপ্তাহত ৩০ হেজাৰ কোটি টকা ঋণ ল’ব চৰকাৰে ৷ কৰ’নাৰ ফলত তলাবন্ধৰ বাবে ইতিমধ্যে আৰ্থিক টনাটনি হৈছে । কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লেও তলাবন্ধ প্ৰত্যাহাৰ কৰিব পাৰে চৰকাৰে । তৎস্বত্বেও পূৰ্বৰ দৰে উৎপাদন বৃদ্ধিৰ কোনো নিশ্চয়তা নাই । এই পৰিস্থিতিত কিমানদিন দেশে এই আৰ্থিক হেঁচা চম্ভালিব পাৰিব তাকে লৈ সন্দেহ আছে।

Exit mobile version