ছিকিমৰ সীমান্তত ভাৰত-চীনা বাহিনীৰ সংঘৰ্ষ- উত্তেজনা

unnamed 3

ভাৰতৰ অংগ ৰাজ্য ছিকিমৰ ভাৰত-চীন সীমান্তত আৰম্ভ হৈছে উত্তেজনা । কালি উত্তৰ ছিকিমৰ নাকুলাত সাগৰ পৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট উচ্চতাত কমেও ১৫ ৰ পৰা ২০ জন ভাৰতীয় সেনাই চীনা বাহিনীৰ সতে সন্মুখ সমৰত লিপ্ত হয় । তথ্য অনুসৰি, দুয়োপক্ষৰ মাজত শিলাবৰ্ষণ হৈছিল । দুই দেশৰ সেনা বাহিনীৰ মাজত হোৱা হতাহতিত কেবাজনো আহত হয় । অৱশ্যে এই সংঘৰ্ষই বৃহৎ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় স্তৰতে শেষ পর্যন্ত সমস্যাৰ সমাধান হয় । সেনা বাহিনীৰ দুই বিষয়াৰ সূত্ৰত প্ৰকাশ যে দুয়োপক্ষৰ প্ৰায় ডেৰশ সেনাৰ মাজত সংঘৰ্ষ হৈছিল । ইয়াত চাৰি ভাৰতীয় জোৱান আৰু সাত চীনা সৈনিক আহত হয় । অঞ্চলটোত দুই দেশৰ সীমাৰ নিয়ন্ত্ৰণ ৰেখাক লৈয়ে সংঘৰ্ষৰ সূত্ৰপাত ঘটে । ভাৰতীয় সেনাৰ জোৱানে সমস্ত ঘটনা ভিডিঅ’ত আবদ্ধ কৰে ।

ADVERTISEMENT

এক বিবৃতিত সেনাই কয়, ‘দুয়োপক্ষৰ আগ্ৰাসী কাৰ্যকলাপৰ ফলত সেনা বাহিনীৰ কিছুসংখ্যক সামান্য আঘাতপ্ৰাপ্ত হয়। আলোচনাৰ পাছত আৰু স্থানীয় পৰ্যায়ত হোৱা কথা বাৰ্তাৰ মূৰকত দুয়োপক্ষ ক্ষান্ত হয়। সীমান্তত এনে সাময়িক আৰু কম সময়ৰ সন্মুখ সমৰ সীমান্তৰক্ষী বাহিনীৰ মাজত হৈয়ে থাকে। কিয়নো সীমা সমস্যা সমাধান হোৱা নাই। এনে ঘটনা দুয়োপক্ষৰ মাজতে মিলামিচাৰে সমাধান হয়।’ ২০১৭ ত এইদৰে লাডাখত ভাৰত চীন সীমান্তত দুয়োপক্ষৰ বাহিনী সংঘৰ্ষত লিপ্ত হৈছিল । তদুপৰি ভূটানৰ ড’কলামত ভাৰত আৰু চীনৰ মাজত ৭৩ দিনীয়া অচলাৱস্থাৰ সৃষ্টি হৈছিল । ২০১৮ ত এক উহানত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনা প্ৰধান জি জিনপিঙে দুই ৰাষ্ট্ৰৰ সেনাৰ বাবে নতুন গাইডলাইন প্ৰস্তুত কৰে আৰু সীমান্ত অঞ্চলত শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।

Exit mobile version