তলাবন্ধই সলনি কৰিলে জীৱিকা

Screenshot 20200510 125639

গতিশীল আৰু বৈচিত্ৰ্যৰে ভৰা জীৱনে মানুহক যিদৰে কেতিয়াবা সুখ আৰু আনন্দ আনি দিয়ে, ঠিক তেনেদৰেই কেতিয়াবা দি যায় দুখ আৰু বেদনা ৷ মানুহৰ জীৱনলৈ কেতিয়াবা হঠাতে আহে ব্যাপক পৰিৱৰ্তন । অপ্ৰত্যাশিতভাৱে সুখময় জীৱনলৈ নামি আহে চৰম দুৰ্দশা । এই দুৰ্দশাৰ বাবে বহুতো হতাশাগ্ৰস্ত হৈ পৰিলেও বহুতে কিন্তু বিচাৰি লয় পৰিত্ৰাণৰ পথ ৷ কৰ’না মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো বহু লোকে আত্মবিশ্বাসৰ ফলতে জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷

যোৱা ২৪ মাৰ্চৰ পৰা দেশত অব্যাহত আছে তলাবন্ধ ৷ যাৰ বাবে দৈনিক সংগ্ৰামেৰে জীৱিকা অৰ্জন কৰা শ্ৰমজীৱী লোকসকল ক্ষতিগ্ৰস্ত হৈ পৰে । ৰাজ্যতো ৪২ দিনীয়া সৰ্বাত্মক তলাবন্ধই সাধাৰণ জনতাক আৰ্থিক দিশত বিপৰ্যস্ত কৰি তুলিছে । অৱশ্যে এইসকল লোকৰ সুবিধাৰ্থে যোৱা চাৰি মে’ৰ পৰা তলাবন্ধ কিছু শিথিল কৰা হৈছে যদিও বহু পৰিয়ালৰ জীৱিকাৰ একমাত্ৰ সম্বলসমূহ বন্ধ হৈ থকাৰ ফলত আৰ্থিক সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পোৱা নাই । হতাশাত ভাগি নপৰি পৰিয়ালৰ ভোক নিবাৰণৰ বাবে বদ্ধপৰিকৰ হৈ ইয়াৰে একাংশই অন্য পথ বা ব্যৱসায়ৰ সন্ধান কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীতো এনে বহু লোকৰ ব্যৱসায়লৈ বহু পৰিৱৰ্তন আহিছে । দিন হাজিৰা কৰাৰ উপৰি পাণ-তামোল, চাহ-মিঠাইৰ দোকান, ফাষ্টফুড, ভাতৰ হোটেল, ফুলৰ দোকান, শাক-পাচলি আদি বিক্ৰী কৰি কঠোৰ পৰিশ্ৰমেৰে দৈনিক সংগ্ৰাম অব্যাহত ৰখা দীপক, উত্তম, প্ৰবোধহঁতৰ উপাৰ্জনৰ পথো আজি সলনি কৰিলে তলাবন্ধই ।

উল্লেখযোগ্য যে মহানগৰীত পদপথেই জীৱিকাৰ মূল পথৰূপে গ্ৰহণ কৰা দীপক, উত্তম, প্ৰবোধহঁতৰ সমস্যাৰ যেন অন্তই নপৰিব । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আন্দোলনে কোঙা কৰি পেলোৱা এইসকল দৰিদ্ৰ শ্ৰমজীৱীলোকে আৰ্থিক দিশত ঠন ধৰি উঠিবলৈ নৌপাওঁতেই পুনৰ কৰ’নাই তেওঁলোকৰ জীৱনলৈ কঢ়িয়াই আনিলে বিভীষিকা । মানৱ সভ্যতাতালৈ অশনি কঢ়িয়াই অনা ক’ভিড ১৯ ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নীতি-নিৰ্দেশনা বহু কষ্টৰ মাজেৰে পদপথৰ ব্যৱসায়ীসকলে পালন কৰি আহিছে । গুৱাহাটী পৌৰ নিগমৰ ২০১৫ ৰ লোকপিয়ল অনুসৰি পদপথৰ ব্যৱসায়ীৰ সংখ্যা ৭,১৮৩ জন যদিও এতিয়া ইয়াৰ সংখ্যা প্ৰায় ১০-১২ হেজাৰলৈ বৃদ্ধি পাইছে ৷

নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে মহানগৰীৰ পদপথত শাক-পাচলি, চাহ তামোলৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দিয়া এই ব্যৱসায়ীসকলৰ ভিতৰত কোনোৱে উপাৰ্জনৰ পথ সলনি কৰিছে যদিও কিছুৱে আৰ্থিক সংকটত গৃহমুখী হৈছে । মহানগৰীত ৰৈ যোৱা কিছু লোকক তলাবন্ধৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে সময়ে সময়ে খাদ্য-সামগ্ৰী যোগান ধৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় তেওঁলোকৰ বাবে । বহু ব্যৱসায়ীয়ে সাঁচতীয়া ধন, পুঁজি শেষ কৰি ঘৰ পৰিয়াল পোহপাল দিছে । এইদৰে কয় পদপথৰ ব্যৱসায়ী সন্থাৰ সম্পাদক চন্দন গোস্বামীয়ে ।

Exit mobile version