প্ৰসংগ কৰ’না ভাইৰাছঃ ১৭ মে’ত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ তলাবন্ধ

Modi coronavirus speech
কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ মাজতে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি তিনিবজাত মুখ্যমন্ত্ৰীসকলৰ লগত এখন বৈঠকত অংশ ল’ব ৷ টুইটাৰযোগে এই কথা সদৰী কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ে । মুখ্যমন্ত্ৰীসকলৰ লগত হোৱা বাৰ্তালাপত তলাবন্ধৰ সন্দৰ্ভত আলোচনা কৰিব ৷ লগতে প্ৰতিদিনে বৃদ্ধি হোৱা কৰ’নাত আক্ৰান্তৰ ৰোগীৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
ইফালে কৰ’নাৰ কাৰণে দিয়া তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ ম্যাদ ১৭ মে’ত অন্ত পৰিব ৷ আনহাতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিয়লি তিনিবজাত ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত বৈঠক অনুষ্ঠিত কৰিব ।” ইয়াৰ পূৰ্বে দেওবাৰে অৰ্থাৎ আজি কেবিনেট সচিব ৰাজীৱ গৌবায়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যসচিব আৰু স্বাস্থ্য সচিবৰ লগত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ সন্দৰ্ভত চৰ্চা কৰে।
মনকৰিবলগীয়া যে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে সমগ্ৰ দেশত বিগত ২৫ মাৰ্চৰ পৰা তলাবন্ধ ঘোষণা কৰিছে। আৰু দেশবাসীক গৃহবন্দী হৈ থাকিবলৈ চৰকাৰে আহ্বান কৰিছে । ১৭ মে’ত অন্ত পৰিবলগীয়া তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ প্ৰাকমূহুৰ্তত মুখ্যমন্ত্ৰীসকলৰ লগত প্ৰধানমন্ত্ৰীৰ বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিছে। তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ পূৰ্বে চৰকাৰে কৰ’না সংক্ৰমণৰ ওপৰত বিভিন্ন দিশ-নিৰ্দেশনা জাৰি কৰিছে । লগতে কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ওপৰত ভিত্তি কৰি জিলাসমূহক ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জ’ন হিচাপে ভাগ কৰিছে।
আনহাতে ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ গতি দিনক দিনে বৃদ্ধি পাইছে । সমগ্ৰ দেশত বিগত ২৪ ঘন্টাত কৰ’না ভাইৰাছত ৩২৭৭ জন আক্ৰান্ত হৈছে । লগতে ক’ভিড-১৯ ত বিগত ২৪ ঘন্টাত মৃত্যু হয় ১২৭ জন লোক। দেওবাৰে জাৰি কৰা কেন্দ্ৰীয় স্বাস্থ্য  মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬২,৯৩৯ জনলৈ বৃদ্ধি পাইছে । আৰু কৰ’না ভাইৰাছত মৃত্যু হৈছে ২১০৯ জন । আনহাতে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ১৯,৩৫৮ জন লোক।
Exit mobile version