শিৱসাগৰৰ উৎপল শৰ্মাৰ সাফল্য

IMG 20200510 WA0024 1

তলাবন্ধৰ সময়ত মানুহৰ সৃষ্টিশীল কৰ্মত নামি পৰা প্ৰৱণতা দেখি পণ্ডিচেৰীৰ অভিলেখ পুষ্টিকা সংস্থা এচিষ্ট বুক্চ অৱ ৱৰ্ল্ড ৰেকৰ্ডছে বিভিন্ন সৃষ্টিশীল কৰ্মত জড়িত লোকক এক বিশেষ বিষয় আৰু পৰিসৰৰ ভিতৰত কেতবোৰ সৃষ্টিকৰ্মত নিয়োজিত হ’বলৈ আহ্বান জনাই তেনে কৰ্মসমূহ উপযুক্ত মানৰ হ’লে ৰেকৰ্ডছ বুকত অন্তৰ্ভুক্ত কৰিব বুলি এক ঘোষণা কৰিছিল । সেই অনুসৰি শিৱসাগৰ নগৰৰ ফুকন নগৰৰ উৎপল শৰ্মা নামৰ এজন যুৱকে নিজকে ক্ষুদ্ৰ চিত্ৰশিল্পী অৰ্থাৎ মাইক্ৰ পেইন্টিংছ শিতানত নিয়োজিত কৰি বিগত প্ৰায় ১২ দিনত আঁকি উলিয়ালে ৫০০ খন মাইক্ৰ পেইণ্টিংছ ৷

পেছাত এগৰাকী গ্ৰাফিক ডিজাইনাৰ তথা ভাস্কৰ্য শিল্পী উৎপল শৰ্মাই এই সময়ৰ ভিতৰত ৫ মিলিমিটাৰৰ পৰা ১২ মিলিমিটাৰৰ ভিতৰত ৫০০ খন ক্ষুদ্ৰ ছবি অংকন কৰি এচিষ্ট বুকৰ্চ অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । প্ৰকৃতি, পশুপক্ষী, প্ৰাচীন কীৰ্তিচিহ্ন, বিখ্যাত ব্যক্তি আদি বিভিন্ন বিষয়ৰ ক্ষুদ্ৰ ছবি অংকন কৰি এইসমূহৰ নমুনা পণ্ডিচেৰীৰ অভিলেখ সংস্থালৈ প্ৰেৰণ কৰাত তেওঁলোকে ছবিসমূহৰ বৈশিষ্ট্য, বিশেষত্ব আৰু গুণগত মানৰ ওপৰত মূল্যায়ন কৰি এইসমূহ ৰেৰ্কডছ বুকত অন্তৰ্ভুক্ত কৰাৰ উপযুক্ত বুলি উৎপল শৰ্মাক অৱগত কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১২ ত ৩.৭ চেন্টিমিটাৰ জোখৰ ব্ৰমাইড পেপাৰত চাৰ্জিকেল ব্লেডেৰে পৃথিৱীৰ সপ্তাচাৰ্য অংকন কৰি ইণ্ডিয়া বুক্চ অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল উৎপল শৰ্মা ।

Exit mobile version