সামাজিক দূৰত্ব বর্তাই ৰাখি গাখীৰ বিক্ৰী

Milk Vendor

কৰ’না সংক্ৰমণ ৰোধৰ বাবে শাৰিৰীক সংস্পৰ্শ এৰাই চলি সকলোকে বাবে শাৰীৰিক সংস্পৰ্শ এৰাই চলিবলৈ আহ্বান জনাই থকা হৈছে । সামাজিক দূৰত্ব নীতি মানি চলিবলৈ আহ্বান জনাই থকা হৈছে । সামাজিক দূৰত্ব নীতি মানি চলিবলৈ চেষ্টা কৰিও বহুতে কিছু সময়ত অসমৰ্থ হৈছে । কিয়নো পাচলি, মাছ, গাখীৰ আদিৰ দৰে অত্যাৱশ্যকীয় পণ্য মানুহে ক্ৰয় কৰিয়ে আছে। ফলত ক্ৰেতা-বিক্ৰেতাই বহু সময়ত শাৰীৰিক সংস্পৰ্শলৈ আহিবলৈ বাধ্য হৈছে । ইয়াৰ দ্বাৰা ক্ৰেতা বিক্ৰেতা উভয়ৰে শৰীৰত কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পাই আছে ।

সেই সম্ভৱনা দূৰ কৰিবলৈকে এক অভিনৱ পন্থা অৱলম্বন কৰি সম্প্ৰতি এজন গাখীৰ বিক্ৰেতাই সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিবলৈ সক্ষম হৈছে । আনিছ চৰণ নামৰ এজন শীৰ্ষ আমোলাই সম্প্ৰতি এখন ফটো টুইট কৰিছে । এই ফটোখন টুইট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে । কিয়নো ফাটোখনত ধৰা পৰিছে এজন গাখীৰ বিক্ৰেতাৰ অভিনৱ চিন্তা । দেখা গৈছে গাখীৰ বিক্ৰেতাজনৰ মটৰ চাইকেলৰ পাছফালে বন্ধা আছে কে’বাটাও সৰু বৰ গাখীৰৰ গেলেন । এই গেলেন সমূহৰ মাজত সামান্য ওপৰত ৰখা আছে এটা পিপা। সেই পিপাৰ স’তে যুক্ত হৈ আছে এডাল পাইপ । বিক্ৰেতাই নিৰ্দিষ্ট প্ৰমাণৰ গাখীৰ পিপাটোত ঢালি দিয়াৰ লগে লগে সেই গাখীৰ পাইপৰ জৰিয়তে গৈ ক্ৰেতাৰ হাতত থকা পাত্ৰত পৰিছেগৈ ।

তাৰ ফলত ক্ৰেতাৰ সতে বিক্ৰেতা জনৰো যথেষ্ট দূৰত্ব অব্যাহত আছে । সেয়ে ক্ৰেতা বিক্ৰেতাই পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ প্ৰয়োজনো হোৱা নাই । এই দৃশ্য কোন ঠাইৰ সেয়া অৱশ্যে জনা নগ’ল । কিন্তু ফটোখন অতি কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমত বিয়পি পৰে। দ্ৰুতগতিৰে বৃদ্ধি পায় লাইক, কমেণ্ট আদি । সকলোৱে গাখীৰ বিক্ৰেতা জনৰ প্রয়াসক প্ৰশংসা কৰিছে । কোনো কোনোৱে লিখিছে যে সামাজিক দূৰত্ব বজাই ৰখাৰ ইচ্ছা থাকিলেই উপায়ো যে ওলায়, সেয়া গাখীৰ বিক্ৰেতা জনে প্ৰমাণ দাঙি ধৰিলে।

Exit mobile version