তলাবন্ধ থকা পৰ্যন্ত উচ্ছেদ অভিযান নচলে আমচাঙত

eastmojo 2019 03 0bc92d58 0d33 4b25 afaa f68d043adceb Bhaduri Amchang 2 1

আমচাং অভয়াৰণ্যৰ বনভূমি দখল কৰাসকলক নিশ্চিতভাৱে উচ্ছেদ কৰা হ’ব । অৱশ্যে তলাবন্ধ প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত উচ্ছেদ অভিযান চলোৱা নহয়”। এই মন্তব্য বন আৰু পৰিবেশমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।তলাবন্ধৰ মাজতে ১৫ দিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে আমচিং গাঁও পঞ্চায়তৰ জনশিমলু গাৰোবস্তি, কাঞ্চন নগৰকে ধৰি বিভিন্ন স্থানত জাননী জাৰি কৰাক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই মন্তব্য কৰে পৰিমল শুক্লবৈদ্যই । লগতে শুক্লবৈদ্যই কয় “বনাঞ্চলৰ বনভূমি দখলমুক্ত কৰাটো বন বিভাগৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া ।

বন্যপ্ৰাণী আৰু বনজ সম্পদৰ সুৰক্ষাৰ স্বাৰ্থতে আইন অনুসৰি আমচাং অভয়াৰণ্যকে ধৰি অন্যান্য বনাঞ্চলত ধাৰাবাহিকভাৱে অব্যাহত আছে উচ্ছেদ অভিযান । এই প্ৰক্ৰিয়া অনাগত দিনটো অব্যাহত থাকিব । কিন্তু তলাবন্ধ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আমচাং অভয়াৰণ্যকে ধৰি কোনো বনাঞ্চলতে উচ্ছেদ অভিযান চলোৱা নহয় । উচ্ছেদ অভিযানৰ সময় জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰো সহযোগিতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে আমচাং অভয়াৰণ্যৰ বনভূমি দখল কৰা ২০-২৬ টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশেৰে জাননী জাৰি কৰা হৈছে।

তলাবন্ধৰ বাবে যদি এই সময়ছোৱাত সংশ্লিষ্টসকলে ঘৰ খালী কৰাত অসুবিধা আছে, তেন্তে সেইসকল লোকক মানৱীয়তাৰ খাতিৰত কিছু সময় দিয়া হ’ব । কিন্তু বনভূমিত অস্থায়ীভাৱে থাকিবলৈ কেতিয়াও দিয়া নহয়। বন্যভূমি আৰু বনজ সম্পদৰ সুৰক্ষাৰ স্বাৰ্থতে তলাবন্ধৰ পাছতে বনাঞ্চল দখলমুক্ত কৰাৰ বাবে বনবিভাগে উচ্ছেদ অভিযান চলাব ৷ উচ্চেদ অভিযানৰ কাৰণে সংশ্লিষ্ট জিলাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰো সহযোগিতাৰ প্ৰয়োজন ৷ এই সময়ছোৱাত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত নিৰৱচ্ছিন্নভাৱে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কাম কৰি আছে । ইয়াৰ বাবে পৰিবেশ স্বাভাৱিক হোৱাৰ পাছতে উচ্ছেদ অভিযান আৰম্ভ হ’ব বুলি তেওঁ কয়।

Exit mobile version