মুম্বাইৰ আৰক্ষীক ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধন্যবাদ জনালে বলীউডে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখৰ আহ্বানত বলীউডৰ কিছুসংখ্যক চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত নিজৰ ফ’টো সলনি কৰি ইনষ্টাগ্ৰাম,  টুইটাৰ আৰু ফেছবুকত দিছে মহাৰাষ্ট্ৰ পুলিছৰ ল’গো । লগতে কৰ’নাৰ দৰে মহামাৰীৰ সময়ত দিনে নিশাই জনসাধাৰণৰ সেৱা কৰা আৰক্ষী প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰিছে বলীউডৰ চেলিব্ৰিটিসকলে ৷ এই সন্দৰ্ভত বলীউডৰ অভিনেতা, প্ৰযোজক, পৰিচালক, বিচাৰক কৰণ জোহৰে কয়, “আমি মুম্বাইৰ পুলিচৰ ওচৰত চিৰ কৃতজ্ঞ । কাৰণ, তেওঁলোকে আমাক নিজৰ জীৱন তুচ্ছ কৰি সুৰক্ষা দিয়ে ৷ গতিকে, এইয়া আমাৰ ফালৰ পৰা সৰু উপহাৰ ৷”

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখৰ এই আহ্বানৰ পিছতেই অক্ষয় কুমাৰ, মাধুৰী দীক্ষিতে নিজৰ প্ৰ’ফাইল ফ’টো পৰিৱৰ্তন কৰিছে । অক্ষয় কুমাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও মাধুৰী দিক্ষীতে লিখিছে “নিস্বাৰ্থভাৱে কাম কৰি সেৱা আগবঢ়োৱা মুম্বাইৰ পুলিচক যিমানেই ধন্যবাদ দিও সেয়া কম হ’ব৷আমি কেৱল আমাৰ ফ’টো সলনি কৰিছো । ইয়াৰ দ্বাৰা আমি তেওঁলোকক ওচৰত কিমান কৃতজ্ঞ সেয়া জনাব বিচাৰিছো ।” আনহাতে অক্ষয় কুমাৰ, মাধুৰী দিক্ষীতৰ লগতে বলীউডৰ অভিনেতা কাৰ্তিক আয়ানেও ইনষ্টাগ্ৰাম ষ্ট’ৰীত মুম্বাই পুলিচক ধন্যবাদ জ্ঞাপন কৰিছে ।

উল্লেখযোগ্য জনসাধাৰণক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত মুম্বাইৰ পুলিচে প্ৰায়ে শিৰোনামা দখল কৰে । লগতে বলীউডৰ বিভিন্ন অনুষ্ঠানত মুম্বাইৰ পুলিছৰ বিশেষ অৱদান থাকে ৷ সম্প্ৰতি বলীউডৰ এইসমূহ চেলীব্ৰেটীৰ মুম্বাই পুলিচলৈ আগবঢ়োৱা সন্মান বিশেষকৈ চৰ্চিত হৈছে ।

Exit mobile version