আজি নিশা আঠ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

narendra 1586842705

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মংগলবাৰে নিশা ৮ বজাত দেশবাসীক সম্বোধিত কৰিব । কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে দিয়া তলাবন্ধৰ ৫৪ দিনত প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চমবাৰৰ কাৰণে দেশবাসীক উদ্দেশ্য কৰি ভাব বিনিময় কৰিব । তলাবন্ধৰ সময়ত মোদীয়ে ১৯ মাৰ্চত দেশ বাসীক উদ্দেশ্য কৰি ভাৱ বিনিময় কৰিছিল । আজি নিশা আঠ বজাত মোদীয়ে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সম্পৰ্কত দেশবাসীক ব্যাখ্যা কৰিব ৷ ইফালে তৃতীয় পৰ্যায়ৰ তলাবন্ধ অন্ত পৰাৰ প্ৰাকমুহূৰ্তত সোমবাৰে তিনিবজাৰ পৰা নিশা আঠ বজালৈকে মোদীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত প্ৰায় ছঘণ্টা মতবিনিময় কৰিছিল ।

মুখ্যমন্ত্ৰীসকলৰ স’তে হোৱা এই ভিডিঅ’ কনফাৰেন্সত ৰাজ্যসমূহত কেনেধৰণে তলাবন্ধ হোৱাটো বিচাৰে , সেই বিষয়ে আলোচনা হয় । লগতে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ স্বাৰ্থত মহাৰাষ্ট্ৰ, বিহাৰ, পঞ্জাৱ, তেলেংগানা, পশ্চিম বংগাল, হিমাচল আৰু অসমে তলাবন্ধ বৃদ্ধি কৰাৰ পোষকতা কৰে । আনহাতে বিহাৰ, তেলেংগানা আৰু তামিলনাডুৱে ট্ৰেইন চলাচলত প্ৰশ্ন উত্থাপন কৰে । মোদীয়ে মুখ্যমন্ত্ৰীসকলক কৰ’না ভাইৰাছ যাতে গাঁৱসমূহলৈ সম্প্ৰসাৰিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কয় । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ পৰা বিস্তৃত আঁচনি বিচাৰে মোদীয়ে ৷

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ মাৰ্চত দেশবাসীক সম্বোধন কৰি জনতা কাৰ্ফিউ জাৰি কৰিছিল ৷ ২২ মাৰ্চত বন্ধ হৈ পৰিছিল সমগ্ৰ দেশ ৷ বিয়লি সকলো দেশবাসীয়ে মোদীৰ আহ্বান অনুসৰি ঘৰৰ ভিতৰতে থালী আৰু তালি বজাই কৰ’না ভাইৰাছৰ সময়ত জৰুৰীকালীন সেৱাত কৰ্মৰত লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছিল । মোদীয়ে ২৪ মাৰ্চত দেশবাসীক সম্বোধন কৰি কৰ’না ভাইৰাছক প্ৰতিৰোধক কাৰণে ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ দেশব্যাপী তলাবন্ধ ঘোষণা কৰে । লগতে মোদীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ শিকলিডাল চিঙিবলৈ সকলো দেশবাসীক ঘৰতে থাকিবলৈ আহ্বান কৰিছিল ।

তৃতীয়তে প্ৰধানমন্ত্ৰী মোদীয়ে তিনি এপ্ৰিলত এক ভিডিঅ’ৰ জৰিয়তে সকলোকে পাঁচ এপ্ৰিলত নিশা ন বাজি ন মিনিটত ঘৰৰ লাইটসমূহ বন্ধ কৰি চাকি,ম’ম আৰু মোবাইলৰ লাইট জ্বলাই একত্ৰিত হ’বলৈ আহ্বান কৰিছিল ৷ ইয়াৰ পিছত ১৪ এপ্ৰিলত মোদীয়ে দেশবাসীক উদ্দেশ্য কৰি কয় “জান হ্যে তো জাহাঁন হ্যে” ৷ মই সকলোকে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে ঘৰতে গৃহবন্দী আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰিছিলো ৷ আৰু সকলো লোকেই মোৰ আহ্বান বুজি পাই দায়িত্ব সহকাৰে তলাবন্ধ মানি চলিছে ৷

Exit mobile version