দ্বিতীয় পত্নীৰ অভিযোগত তৃতীয় বিবাহ সম্পন্ন কৰা লোকক আটক মহানগৰীত

1489arrested

তৃতীয় বিবাহ সম্পন্ন কৰাই জালত পৰিল এজন লোক৷ মহানগৰীৰ আৰক্ষীৰ জালত পৰা লোকজন দলগাঁৱৰ জিয়াউল হক (৩৮) বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি বিগত কিছুদিন ধৰি তৃতীয় পত্নীৰ স’তে মহানগৰীৰ আমবাৰীৰ ভাড়াঘৰত থাকিবলৈ লয় দলগাঁৱৰ জিয়াউল হ’কে । দীৰ্ঘদিন ধৰি কামৰূপ জিলাৰ কমলপুৰত থকা  জিয়াউলৰ দ্বিতীয় পত্নী বিউতিমা বেগমে গোপনসূত্ৰৰ যোগেদি এই কথা জানিব পাৰে ।

ইয়াৰ পিছতে তলাবন্ধৰ মাজতে দ্বিতীয় পত্নী বিউতিয়ে মহানগৰীৰ আমবাৰীত থকা জিয়াউলৰ ভাৰাঘৰত উপস্থিত হয় । ২০১৩ চনত সামাজিক নিয়ম অনুসৰি বিয়া পতাৰো পিছতো জিয়াউলে দ্বিতীয় পত্নীক পিতৃ গৃহলৈ পঠাই দি যৌতুক দাবী কৰে । দাবী কৰা যৌতুক নিদিয়াৰ কাৰণেই তৃতীয় পত্নীৰে মহানগৰীত সংসাৰ আৰম্ভ কৰা বুলি সাতগাঁও আৰক্ষী থানাত অভিযোগ দিয়ে দ্বিতীয় পত্নী বিউতিয়ে ৷ ইয়াৰ পাছত দ্বিতীয় পত্নীৰ অভিযোগত আৰক্ষীৰ এটা দলে মহানগৰীৰ আমবাৰীৰ ভাড়াঘৰৰ পৰা তৃতীয় পত্নীসহ জিয়াউল হকক আটক কৰে ।

Exit mobile version