বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ

IMG 20200512 WA0019

বিগত ২৪ মাৰ্চৰ পৰা অব্যাহত থকা তিনিটা পৰ্যায়ৰ তলাবন্ধৰ নীতি নিৰ্দশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । বিশেষকৈ তলাবন্ধ আৰম্ভ হোৱা সময়ৰ পৰা শব্দ-যন্ত্ৰী আৰু ছেলুন ব্যবসায়ৰ লগত জড়িত লোকসকলৰ জীৱিকাৰ পথ প্ৰায় বন্ধ হৈ পৰিছে । তলাবন্ধৰ বাবেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা শব্দ যন্ত্ৰী আৰু চেলুনৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰা লোকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে ।

তলাবন্ধৰ বাবে এইবাৰ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাওঁ জিলাতো ৰঙালী বিহু উদযাপন কৰা নহ’ল । ৰঙালী বিহুৰ সময়ত সাধাৰণতে জিলাখনৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই সাংস্কৃতিক অনুষ্ঠানত গায়কসকলৰ লগতে শব্দযন্ত্ৰী সকলে বুজন পৰিমাণৰ ধন আহৰণ কৰে । এইবাৰ তলাবন্ধৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল । একেদৰে ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ছেলুন, বিউটি পাৰ্লাৰ, স্পা আদি তলাবন্ধৰ বাবে বন্ধ হৈ থকাত এওঁলোকৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিভিন্ন জনে ব্যক্তিগত ভাবে এওঁলোকক সহায়ৰ হাত আগবঢ়াইছে যদিও বহুতে চৰকাৰী সাহাৰ্য লাভ কৰা নাই ।

এইসকল শব্দ যন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জৰিত লোকৰ কাষত থিয় হ’ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । আজি নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পৃথকে পৃথকে হোৱা অনুষ্ঠানত বিধায়ক গৰাকীয়ে শব্দযন্ত্ৰী আৰু ছেলুন ব্যবসায়ৰ লগত জড়িত লোকসকলক খাদ্য সামগ্ৰী আদি বিতৰণ কৰে । এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “তলাবন্ধৰ বাবে শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অতি কষ্ট হৈছে । জীৱন জীৱিকাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে । এই সংকটৰ সময়ত আমি তেওঁলোকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছো ।” লগতে এই লোকসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহবান জনাইছে বিধায়ক ৰূপক শৰ্মাই । আজি শতাধিক শব্দ যন্ত্ৰী আৰু পাঁচ শতাধিক চেলুন ব্যৱসায়ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক গৰাকীয়ে । বিধায়কগৰাকীৰ এনে পদক্ষেপক সকলোৱে শলাগ লৈছে ।

Exit mobile version