ভাৰতত কৰ’না ভাইৰাছৰ ৰোগীৰ ওপৰত পৰীক্ষামূলক ঔষধৰ প্ৰয়োগ

download

কৰ’না ভাইৰাছৰ আতংকৰ সময়তে পৰীক্ষামূলক ভাৱে ব্যৱহৃত হ’ল কৰ’নাৰ প্ৰতিষেধক । এই সন্দৰ্ভত এপ্ৰিল মাহত প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলক ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াৰ তৰফৰ পৰা অনুমতি দিয়া হৈছিল । দেশৰ শীৰ্ষস্থানীয় ১০ খন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ইতিমধ্যে বিভিন্ন ৰোগীৰ দেহত এই প্ৰতিষেধকৰ প্ৰয়োগ হৈছে । মংগলবাৰে বম্বে ষ্টক এক্সচেঞ্জে দিয়া এক প্ৰতিবেদনত বিষয়টো উত্থাপন কৰে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলে ৷

প্ৰথমবাৰৰ বাবে কোনো ঔষধ প্ৰস্তুতকাৰী সংস্থাক কৰ’না ৰোগীৰ দেহত পৰীক্ষামূলক ভাৱে ঔষধ প্ৰয়োগ কৰিবলৈ দিয়া প্ৰথম অনুমতি বুলি জানিবলৈ দিয়ে । জাপানৰ ফুজিফিল্ম কেমিকেল হোল্ডিংছ কৰ্পৰেশ্যনৰ সহায়ক সংস্থা ফুজিফিল্ম কেমিকেল কোম্পানী লিমিটেডে এই ভাইৰাছৰ নাম দিছে “অভিগান” ৷ ২০১৪ ত এই ঔষধক ফ্লু প্ৰতিৰোধী ঔষধ হিচাপে দেশত ব্যৱহাৰৰ অনুমতি পাইছিল । ইফালে ক’ভিড-১৯ ৰোগীৰ শৰীৰত এই ঔষধৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছে সংস্থাৰ ভাইচ প্ৰেচিডেণ্ট মনিকা ট্যানন ।

Exit mobile version