মুৰ্গীৰ স’তে প্লাষ্টিকৰ ৰছী গিলি বিপদত অজগৰ

IMG 20200512 WA0046

তেজপুৰৰ কলিবাৰী অঞ্চলত বাসকৰা শিশু চিকিৎসক মানস দেউৰীৰ বাসগৃহত আজি পুৱাই এডাল অজগৰকলৈ পৰিয়ালটোৰ লগতে স্থানীয় একাংশ লোকৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি হয় ৷ উল্লেখযোগ্য যে, চিকিৎসক গৰাকীয়ে খাবলৈ বুলি ক্ৰয় কৰি অনা এটা মুৰ্গী তেওঁলোকৰ ঘৰৰ গেৰেজত এডাল প্লাষ্টিকৰ ৰছীৰে নিশা বান্ধি থৈছিল ৷ আজি পুৱা গেৰেজটো খোলাৰ সময়তে চিকিৎসক গৰাকীয়ে প্ৰত্যক্ষ কৰে যে, মুৰ্গীটো ইতিমধ্যেই ভক্ষন কৰি বান্ধি থোৱা প্লাষ্টিকৰ ৰছীৰ বাবে বৰশীত লাগি ধৰা মাছৰ দৰেই ছটফটাই আছে এটা প্ৰায় নফুট দৈৰ্ঘৰ অজগৰে ৷

উল্লেখযোগ্য যে তেজপুৰৰ এই অঞ্চলটোত প্ৰাকৃতিক পৰিবেশৰ বাবেই পূৰ্বৰে পৰাই বহুসংখ্যক অজগৰ আছে ৷ এনে অৱস্থাত খাদ্যৰ সন্ধানত আহি বিপদত পৰা অজগৰটোৱে দীঘল প্লাষ্টিকৰ ৰছীডাল ছিঙিব নোৱাৰি মুৰ্গীসহ গিলি সেইস্থানতে অসহায় অৱস্থাত পৰি ৰয়৷এনে অৱস্থাত চিকিৎসক পৰিয়ালটোৱে অজগৰটোৰ যাতে কোনোধৰণৰ অপকাৰ নহয় তাৰ বাবে স্থানীয় সৰ্পবান্ধৱ সৌৰভ বৰকটকীক খবৰ দিয়ে আৰু বৰকটকীয়ে অজগৰটোক সেইস্থানৰ পৰা গিলিথোৱা ৰছীডাল কাটি লৈ আহে ৷

ইয়াৰ পূৰ্বে তেওঁ এই বিষয়ে কাজিৰঙাৰ বন্যপ্ৰাণী পুণৰ সংস্থাপন কেন্দ্ৰৰ বন্যপ্ৰাণী চিকিৎসক চামচুল আলিৰ স’তে এই বিষয়ে আলোচনা কৰে৷বৰকটকীয়ে কয় যে অজগৰে সাধাৰণতে আহাৰ খোৱাৰ সময়ত অসুবিধা পালে ভক্ষণ কৰা আহাৰো উলিয়াই পেলাই ৷ এনে কৰিলে জীৱবিধেও কষ্ট পাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কিন্তু আজি অজগৰটো প্লাষ্টিকৰ ৰছীডালৰ বাবেই মৃত্যুৰ মুখত পৰাৰ সম্ভাৱনা আছিল ৷ পাছত অজগৰটোৱে পৰ্যবেক্ষণ কৰি থকা অৱস্থাত ৰছীসহ মুৰ্গীটো বাহিৰ কৰি দিয়ে ৷ ইয়াৰ প্ৰায় দুঘণ্টাৰ পাছত সুস্থ হৈ পৰা অজগৰটোক নিকটৱৰ্তী প্ৰাকৃতিক পৰিবেশত মুকলি কৰি দিয়া হয় ৷

Exit mobile version