এক সংকল্প, এক লক্ষ্য-আত্মনিৰ্ভৰশীল ভাৰতঃ অমিত শ্বাহ

amit shah 1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত ভাৰতক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ বাবে তথা স্থানীয় সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনায় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আহ্বানক ভাৰতে বিশ্ব নেতৃত্বৰ দিশত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আলোকপথ হিচাপে অভিহিত কৰে ।

ADVERTISEMENT

এই আহ্বানৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কেণ্টিন আৰু বিপণীসমূহত ১ জুনৰ পৰা কেৱল স্থানীয় সামগ্ৰীহে উপলব্ধ হ’ব বুলি গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ জৰিয়তে মুঠ ক্ৰয়ৰ পৰিমাণ হ’ব ২৮০০ কোটি টকা । এই সিদ্ধান্তৰ জৰিয়তে প্ৰায় ১০ লাখ চিএপিএফ কৰ্মীৰ ৫০ লাখ পৰিয়ালৰ সদস্যই স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাই কয় যে, ‘‘আপোনালোকে যথাসম্ভৱ ধৰণে দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে আৰু আনকো এই বিষয়ে উৎসাহিত কৰিব লাগে ।

এয়া পিছপৰি থকাৰ সময় নহয়, বৰঞ্চ সংকটৰ এই মুহূৰ্তক সুযোগলৈ ৰূপান্তৰিত কৰাৰ সময়।’’ অমিত শ্বাহৰ মতে যদি প্ৰতিজন ভাৰতীয়ই স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ শপত গ্ৰহণ কৰে তেন্তে আগন্তুক পাঁচ বছৰৰ ভিতৰতে সমগ্ৰ দেশ আত্মনিৰ্ভৰশীল হৈ উঠিব । দেশৰ জনতালৈ আহ্বান জনাই তেওঁ কয় যে, ‘‘স্বদেশী সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীক সহায় কৰো আহক।’’

Exit mobile version