সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি বিউটি পাৰ্লাৰ খুলিবলৈ সাজু পাৰ্লাৰ সন্থা

darpan beauty parlour ganeshguri guwahati beauty parlours 0edsv

ক’ভিদ-১৯ ৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা তলাবন্ধৰ ফলত সমস্যাৰ সন্মুখীন হৈছে বিউটি পাৰ্লাৰৰ কৰ্মচাৰীসকল । সেয়ে তলাবন্ধৰ সকলো নীতি নিৰ্দেশনাৰ মাধ্যমৰে ৰাজ্যৰ পুনৰ বিউটি পাৰ্লাৰ খুলিবলৈ সাজু হৈছে ৱেলনেছ এণ্ড পাৰ্লাৰ সন্থা । অপেক্ষা মাথো চৰকাৰৰ অনুমতিলৈ । সন্থাৰ সভাপতি অচিন্ত প্ৰাণ শৰ্মাই ছয়মাইলত এক সংবাদমেলত  এই কথা জনোৱাৰ লগতে ৰাজ্যৰ চেলুনসমূহ মুকলি কৰিবলৈ অনুমতি বিচাৰি আজি মুখ্যমন্ত্ৰীক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলিও কয় । ‘প্ৰয়োজন সাপেক্ষে চেলুনসমূহে নীতি নিৰ্দেশনা মানিছে নে নাই সেয়া সন্থাৰ তৰফৰ পৰা নজৰ ৰখাৰ লগতে প্ৰশাসনক সহায-সহযোগিতা আগবঢ়াম । যাতে যন্ত্ৰ-পাতি অথবা অন্যান্য আহিলা প্ৰতিবাৰ ব্যৱহাৰৰ পাছত চেনিটাইজ নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব ।’ এনেদৰে কয় শৰ্মাই ।

চেলুনসমূহ মুকলি কৰিবলৈ জনোৱা অনুৰোধৰ উপৰিও চেলুন, বিউটি পাৰ্লাৰৰ ঘৰ ভাড়াৰ ক্ষেত্ৰত ৰেহাই দিবলৈ চৰকাৰে মালিকপক্ষক এক অনুৰোধ কৰিবলৈ সন্থাই অনুৰোধ জনায় । আনহাতে, ডাঙৰ চেলুনসমূহে বিভিন্ন বেংকৰ পৰা লোৱা ঋণৰ  ক্ষেত্ৰত বিশেষ ৰেহাই দিবলৈ চৰকাৰক অনুৰোধ জনাই তেওঁ কয়  ‘ঋণ পৰিশোধৰ সময়সীমা ৩ মাহৰ সলনি ৬ মাহলৈ বৃদ্ধি কৰিব লাগে । ঋণৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষৰ লগত চৰকাৰে আলোচনা কৰিব লাগে । ইপিনে বিউটিপাৰ্লাৰ সমূহত লাখ-লাখ টকাৰ প্রসাধন সামগ্ৰী ৩-৪ মাহ ধৰি ব্যৱহাৰ নকৰাৰ ফলত সেইসমূহৰ ম্যাদ ওকলিব আৰম্ভ কৰিছে । তেওঁ জনোৱা অনুসৰি পুৰুষৰ চেলুন বাদ  দি ৰাজ্যত প্ৰায় ৫ হাজাৰ য়ুনিচেক্স চেলুন আৰু ১০ হাজাৰ বিউটি পাৰ্লাৰ আছে।

Exit mobile version