সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং

manmohan singh

নতুন দিল্লীস্থ এইমছ হস্পিতালৰ পৰা সুস্থ হৈ যোৱাকালি ঘৰলৈ উভতিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে। যোৱা দেওবাৰে নিশা হঠাতে বুকুত বিষ আৰু শ্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰা প্রাক্তন প্ৰধানমন্ত্ৰী জনক দিল্লীৰ এইমছত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল।

৮৭ বছৰ বয়সীয়া ড° সিঙক এইমছৰ চিকিৎসকে কালি সুস্থ ঘোষণা কৰি ঘৰলৈ যাবলৈ অনুমতি দিয়ে। চিকিৎসকে প্ৰকাশ কৰা মতে, নতুন ঔষধ সেৱনৰ ফলত তেওঁৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ড° সিং কৰ’নাত আক্ৰান্ত হোৱা বুলি চিকিৎসকে সন্দেহ কৰিছিল যদিও তেওঁৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল বুলি চিকিৎসকে জানিবলৈ দিয়ে।

Exit mobile version