কৰ’নাত আক্ৰান্তৰ সংখ্যাৰে চীনৰ পাছতে স্থান অধিকাৰ ভাৰতৰ

34

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতত অহা ১৮ মে’ৰ পৰা আৰম্ভ হ’ব চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ । ইতিমধ্যে দেশে তলাবন্ধ ৫০ দিন অতিক্ৰম কৰিছে ৷ তথাপি একাংশ ৰাজ্যত স’ক্ৰমণৰ ভয়াৱহ ৰূপ অব্যাহত আছে। প্ৰতিদিনে বৃহৎ সংখ্যক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । যোৱা ২৪ ঘন্টাত চাৰে তিনি হেজাৰৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হয় ৷ ইয়াৰ ফলত এই ভাইৰাছত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৫,৮৪৯ জনলৈ বৃদ্ধি হয় । ফলস্বৰূপে ভাৰতে কৰ’না উৎপত্তিস্থল চীনৰ পাছতে স্থান লাভ কৰে ।

উল্লেখযোগ্য যে চীনৰ চৰকাৰী তথ্য অনুসৰি কৰ’নাত আক্ৰান্তৰ সংখ্যা কমেও ৮৪ হেজাৰ ৷ প্ৰসংগক্ৰমে উল্লেখ্য যে ভাৰতত মংগলবাৰে চাৰে তিনি হাজাৰ আৰু সোমবাৰে সৰ্বাধিক ৪২১৩ জন লোক আক্ৰান্ত হৈছিল । ভাৰতৰ বাবে সুখৰ কথা যে আক্ৰান্তৰ বিপৰীতে সুস্থহোৱা লোকৰ সংখ্যাও উৰ্ধ্বমুখী হৈছে । ইতিমধ্যে সুস্থ হৈ উঠিছে ২৫,১৯৭ জন ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৪৫২ জন। সংক্ৰমণৰ পৰিস্থিতিয়ে মহাৰাষ্ট্ৰত যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি কৰিছে । স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অনুসৰি দেশৰ আক্ৰান্তৰ তিনি ভাগৰ এভাগ মহাৰাষ্ট্ৰৰ । দ্বিতীয়স্থানত আছে তামিলনাডু ৷ ইপিনে ভাৰতত কৰ’না আক্ৰান্তৰ ৰাজ্যবোৰৰ ভিতৰত তামিলনাডু চতুৰ্থ স্থানত আছিল ৷ কিন্তু আকস্মিকভাৱে আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি হয় আৰু দুদিন পূৰ্বে তৃতীয় স্থানত থকা দিল্লীৰ স্থান লয় । লগতে দ্বিতীয় স্থানত থকা গুজৰাটক চেৰ পেলাই দক্ষিণ ভাৰতৰ ৰাজ্যখনে মহাৰাষ্ট্ৰৰ পাছতে স্থান লাভ কৰে।

Exit mobile version