কৰ’নাৰ মাধমাৰঃ এপ্ৰিললৈ আঢ়ৈ কোটিয়ে সংস্থাপন হেৰুৱালে আমেৰিকাত

donald trump 16

বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকা এতিয়া গভীৰ সংকটত ৷ কৰ’নাই চাৰিওদিশৰ পৰা দেশখনক সৰ্বস্তৰত উশাহ ল’ব নোৱাৰাকৈ চেপি ধৰিছে । যদিও মহাশক্তিধৰ দেশখনৰ নিৰ্দিষ্ট কেইখনমান প্ৰদেশতহে অতিমাৰী কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰভাৱ কিন্তু সমগ্ৰ দেশখনতে পৰিছে । প্ৰতিদিনে হেজাৰ হেজাৰ লোক নিবনুৱা হৈছে ৷ দীঘলীয়া তলাবন্ধৰ ফলত অভাৱনীয় লোকচানৰ গৰাহত পৰা সৰু-বৰ সকলো প্ৰতিষ্ঠানতে সংস্থাপন হেৰুৱাৰ প্ৰভাৱ পৰিছে । বিশ্বৰ কে’বাখনো দেশক গ্ৰাস কৰা অৰ্থনৈতিক মন্দাৱস্থাৰ সময়তো আমেৰিকাত এনে পৰিবেশ হোৱা নাছিল । যি বৰ্তমান হৈছে ।

মাৰ্কিন ব্যুৰ অৱ লেবাৰ ষ্টেটিকষ্টিকছৰ শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে দেশখনত সৃষ্টি হোৱা এই ভয়াৱহ পৰিবেশৰ তথ্য ৷ স্বয়ং মাৰ্কিন প্ৰশাসনৰে তথ্যত প্ৰকাশ যে কৰ’নাৰ প্ৰভাৱত যোৱা এপ্ৰিলত দেশখনৰ কমেও ২.৫ কোটি লোকে সংস্থাপন হেৰুৱায়। কুখ্যাত মন্দাৱস্থাৰ সময়ত সেই পৰিসংখ্যা আছিল কমেও ৭৪ লাখ ৷ অৰ্থাৎ মন্দাৱস্থাৰ সময়ৰ তিনিগুণ অধিক লোকে কৰ’নাৰ পৰিণতিত যোৱা এপ্ৰিললৈ সংস্থাপন হেৰুৱাবলগীয়া হৈছে । শতাংশৰ হিচাপত নিবনুৱা হৈ পৰা লোকৰ হাৰ হ’ল ১৪.৭ ৷ মাৰ্কিন পৰিসংখ্যা সংস্থাটোৰ তথ্যত পোহৰলৈ আহিছে যে সংস্থাপন হেৰুওৱাৰ প্ৰভাৱ কম বেছি পৰিমাণে সকলো ধৰণৰ কৰ্মক্ষেত্ৰতে পৰিছে ।

তাৰ ভিতৰত সৰ্বাধিক প্ৰভাৱ পৰিছে হোটেল ৰেস্তোৰাঁ খণ্ডত ৷ এপ্ৰিললৈ এই খণ্ডটোত সংস্থাপন হেৰুওৱা লোকৰ সংখ্যা হ’ব প্ৰায় ৭৭ লাখ ৷ শতাংশৰ হিচাপত উক্ত খণ্ডত দেশখনত কৰ্মৰত লোকৰ ভিতৰত সংস্থাপন হেৰুওৱাৰ হাৰ হ’ল ৪৮.৮ ৷ ইয়াৰ পিছতে নিৰ্মাণ খণ্ডত সংস্থাপন হেৰুৱাইছে প্ৰায় ৯.৭৫ লাখ লোকে । এই খণ্ডৰ পিছতে উদ্যোগ খণ্ডত সংস্থাপন হেৰুৱাইছে কমেও ৩১ লাখ লোকে ।শতাংশৰ হিচাপত মুঠ কৰ্মচাৰীৰ বিপৰীতে সংস্থাপনহীন হোৱাৰ হাৰ হ’ল ১১ ৷ এইবোৰৰ উপৰি খনিজ উদ্যোগত ৪৬ হেজাৰ, তথ্য খণ্ডত ২.৫৪ লাখ, অৰ্থনৈতিক ক্ষেত্ৰত ২.৬২ লাখে যোৱা এপ্ৰিললৈ চাকৰি হেৰুৱাই ৷ মুঠ কৰ্মচাৰীৰ বিপৰীতে উক্ত খণ্ড কেইটাত সংস্থাপন হেৰুওৱাৰ হাৰ হ’ল খনিজত সাত শতাংশ আৰু তথ্য খণ্ডত ৮.৮ শতাংশ তদুপৰি উৎপাদন ক্ষেত্ৰত ১৩ লাখ, বৃত্তিমুখী ক্ষেত্ৰত ২১লাখ আৰু শিক্ষাখণ্ডত ২৫ লাখ লোকে সংস্থাপন হেৰুৱাইছে ৷

এই তালিকাত চৰকাৰী চাকৰিয়ালসকলো বাদ পৰা নাই । পৰিসংখ্যাত অৱশ্যে পোহৰলৈ আহিছে যে কৰ্মসংস্থাপন হেৰুওৱা সকলৰ সৰহসংখ্যক আনুষ্ঠানিক শিক্ষাৰ তলৰ পৰ্যায়ৰ । হাইস্কুল পৰ্যায়লৈ অধ্যয়ন কৰাসকলৰ মাজতে সংস্থাপন হেৰুওৱাৰ মাত্ৰা অধিক ৷ সেই সংখ্যা হ’ল কমেও ৬২ লাখ ৷ আকৌ সংস্থাপন হেৰুওৱাৰ শীৰ্ষত আছে শ্বেতাংগসকল ৷ কমেও ১.৭ কোটি শ্বেতাংগই এই সময়ছোৱাত চাকৰি হেৰুওৱায় । ইয়াৰ পাছতে হিস্পানিক ৫১ লাখ, কৃষ্ণাংগ ৩০ লাখে কৰ’নাৰ প্ৰভাৱত নিবনুৱা হৈ পৰে ৷ এই তালিকাত কমেও ১৫ লাখ এছিয়া মহাদেশৰ লোক আছে।

Exit mobile version