গৰমৰ লগত সম্পৰ্ক নাই কৰ’না ভাইৰাছৰ

corona

বিশ্বৰ কিছুসংখ্যক লোকে আশা প্ৰকাশ কৰিছে যে গৰমৰ দিন আহিলেই কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব ৷ কিন্তু এইকথাষাৰৰ সত্যতা কিমান? সম্প্ৰতি বহিঃৰাজ্যত থকা লোকসকল ৰেলৰ জৰিয়তে নিজ গৃহ যাত্ৰা কৰোতে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব ৷ এই সন্দৰ্ভত আৰএমএল চিকিৎসালয়ৰ বিশেষজ্ঞই কয়

১. “সম্প্ৰতি যিসকল লোক বহিঃৰাজ্যত আৱদ্ধ হৈ আছে তেওঁলোকক ৰেলৰ জৰিয়তে নিজৰ ৰাজ্যলৈ লৈ অহা হৈছে ৷ গতিকে যিসকল লোকে কোনো স্থানত স্থায়ীভাৱে থাকে, তেওঁলোকে প্ৰয়োজন ন’হলে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যাত্ৰা কৰিব নালাগে ৷ যদি ৰেল বা বাছত যাত্ৰা কৰিব লাগে তেনেহ’লে লগত চাবোন আৰু চেনিটাইজাৰ ৰখাতো অত্যন্ত জৰুৰী ৷ কাৰণ যাত্ৰাৰ সময়ত যিকোনো বস্তু খাওতে হাত ধুই বা চেনিটাইজাৰ লগাইহে খাব লাগে ৷

২. গৰমৰ দিনত পৃথিৱীৰ পৰা শেষ হৈ যাব নেকি কৰ’না ভাইৰাছ  ৷ এই সন্দৰ্ভত বিশেষজ্ঞই কয় গৰম বা গ্ৰীষ্ম অহাৰ লগে লগে যে কৰ’না ভাইৰাছৰ আয়ুস অন্ত পৰিব ৷ সেই কথা এতিয়ালৈকে ক’তো প্ৰমাণিত হোৱা নাই । আমাৰ শৰীৰৰ সাধাৰণ তাপমাত্ৰা ৩৭ ডিগ্ৰী ছেলচিয়াছ হয় বা কেতিয়াবা তাতকৈ বেছি বা কমো হ’ব পাৰে । যেতিয়া বাহিৰৰ তাপমাত্ৰা বাঢ়ি যায় তেতিয়া শৰীৰৰ ঘাম উলায় । আৰু বাহিৰৰ তাপমাত্ৰা যদি ৪০-৪২ ডিগ্ৰী হয়, শৰীৰৰ তাপমাত্ৰা কিন্তু ৩৭ ডিগ্ৰীয়েই হৈ থাকে ৷ গতিকে যদি কৰ’না ভাইৰাছ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে । তেন্তে বাহিৰৰ তাপমাত্ৰা বৃদ্ধি হ’লেও ভাইৰাছৰ ওপৰত প্ৰভাৱ নপৰে । গতিকে গৰমত কৰ’না ভাইৰাছে আমাক ক্ষতি কৰিব নোৱাৰে বুলি ভবাতকৈ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন ৷

৩. এতিয়ালৈকে গাঁও অঞ্চলত কৰ’না ভাইৰাছৰ অৱস্থিতিৰ পৰিসংখ্যা সীমিত ৷ কিন্তু যদিহে কোনো গ্ৰামাঞ্চলৰ লোকৰ শৰীৰত কৰ’নাৰ লক্ষণ ধৰা পৰে তেন্তে স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰিব লাগে ।বা হেল্প লাইন নম্বৰত যোগাযোগ কৰিব লাগে । প্ৰশাসনে সকলোকে বিতং ভাৱে পৰামৰ্শ প্ৰদান কৰিব ।এই মন্তব্য বিশেষজ্ঞৰ ৷

৪. দেশত কৰ’না ভাইৰাছৰ সময়সীমা হ’ল প্ৰায় দুমাহ । গতিকে এইসময়খিনিত দেশবাসীয়ে জানিছে যে এই ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ কি কি কৰিব লাগে । দিন বাগৰি যোৱাৰ লগে লগে চৰকাৰে আৰ্থিক দিশৰ প্ৰতি লক্ষ্য কৰি সকলো ক্ষেত্ৰতে শিথিলতা প্ৰদান কৰিছে । কিন্তু শিথিলতা প্ৰদান কৰিলেই মাস্ক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় । কাৰণ ইয়াৰ দ্বাৰা ভাইৰাছ মুখৰ ভিতৰলৈ প্ৰবেশ নকৰে । বাৰে বাৰে হাতখন মুখ,নাকত নলগাব আৰু হাতখন চাবোনেৰে ধুই থকাটো প্ৰয়োজন ।

৫. কৰ’না ভাইৰাছৰ লক্ষণ সন্দৰ্ভত বিশেষজ্ঞ এ.কেই কয় কৰ’না ভাইৰাছে প্ৰতিটো ক্ষেত্ৰতে লক্ষণসমূহ পৰিৱৰ্তন কৰি থাকে । বহু দেশত ইয়াৰ ৮ ৰ পৰা ১০ টা লক্ষণ পাইছে । কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এইয়া সাধাৰণ ঘটনা । লক্ষণ পৰিৱৰ্তন প্ৰায় ভাইৰাছৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায় ।

Exit mobile version