এক ৰাষ্ট্ৰ, এক ৰেচন কার্ড ঃ দেশজুৰি প্ৰযোজ্য হ’ব এখনেই ৰেচন কাৰ্ড

Nirmala Sitharaman 1589366001

ঘোষণাসমূহ:

■ প্ৰবজিত শ্ৰমিকলৈ দুমাহৰ বাবে বিনামূলীয়া খাদ্যশস্যৰ যোগান।

■ এক ৰাষ্ট্ৰ,এক ৰেচন কার্ড- ভাৰতৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা যাতে প্ৰবজিত শ্ৰমিকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে ৰেচন সংগ্ৰহ কৰিব পাৰে তাৰ ব্যৱস্থা।

■ প্ৰবজিত শ্ৰমিক আৰু নগৰীয়া দৰিদ্ৰ লোকৰ বাবে ব্যয়সুলভ ভাড়াৰ গৃহ আঁচনি।

■ পদপথৰ ব্যৱসায়ীৰ ঋণৰ বাবে পাঁচ হেজাৰ কোটি টকা।

■ স্বনিয়োজন সৃষ্টিৰ বাবে ছহেজাৰ কোটি।

■ নাবাৰ্ডৰ জৰিয়তে কৃষকৰ অতিৰিক্ত জৰুৰীকালীন কাৰ্যকৰী মূলধনৰ বাবে ৩০ হেজাৰ কোটি টকা।

■ কৃষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত ২.৫ কোটি কৃষকলৈ ৰেহাই মূল্যৰ ঋণৰ বাবে দুই লাখ কোটি টকা।

■ হাউছিং খণ্ড আৰু মধ্য আয়ৰ লোকৰ বাবে ৭০ হেজাৰ কোটি।

■ দেশৰ শিশু মুদ্ৰা আঁচনিৰ অধীনত ঋণগ্রস্তসকললৈ সকাহৰ বাবে ১৫ শ কোটিৰ পেকেজ ঘোষণা কৰা হৈছে।

Exit mobile version