পৰকাললৈ পত্নীক অনুসৰণ কৰিলে বৃদ্ধই

প্রিয় পত্নীক হেৰুৱালে যিকোনো মানুহেই মৰ্মাহত হৈ পৰে । কিন্তু প্ৰয়াত পত্নীক অনুসৰণ কৰি ইচ্ছামৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা কমেইহে আছে । সম্প্ৰতি কৰ’না ভাইৰাছৰ ধ্বংসলীলাৰ মাজতে এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল আমেৰিকাত । কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে ক’মালৈ গৈছিল এজন ৬৯ বছৰীয়া বৃদ্ধ । প্ৰাণৰক্ষাৰ আশা প্ৰায় ক্ষীণ হৈ আহিছিল ।

তৎসত্বেও চিকিৎসকৰ দক্ষতাত লৰেন্স ন’কেছ নামৰ লোকজন ক্ৰমাৎ সুস্থ হৈছিল । সুস্থ হ’বলৈ আৰম্ভ কৰাৰ লগে লগে ন’কেছে প্রিয় পত্নীৰ খবৰ ল’বলৈ চেষ্টা কৰে । তেতিয়াই তেওঁ জানিব পাৰিলে যে তেওঁ হস্পিতালত ভৰ্তি হোৱাৰ কিছুদিনৰ পিছতে পত্নী মিনেট ন’কেছৰ মৃত্যু হয় । সেই খবৰে লোকজনক ইমানেই মৰ্মাহত কৰি তোলে যে কোনোধৰণৰ চিকিৎসা গ্ৰহণ কৰি পৰকালত স্থান পোৱা পত্নীৰ কাষলৈ চিৰদিনৰ বাবে গুছি গ’ল ন’কেছ ।

২৪ বছৰৰ পূৰ্বে তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল আৰু ইমানদিনে সংসাৰখন হাঁহিমুখেৰেই দুয়ো ধৰি ৰাখিছিল । চিকিৎসালয়ত তেওঁ সুস্থ হৈ উঠাৰ পাছতে ঘনাই পত্নীৰ কথা সুধি থকাত চিকিৎসকে অৱশেষত বাধ্য হৈ কঠিন সত্যটো তেওঁক অৱগত কৰিবলৈ বাধ্য হয় । উল্লেখ্য যে ন’কেছক জৰুৰী বিভাগত ভৰ্তি কৰাৰ পিছতে হঠাৎ মিনেট অসুস্থ হৈ পৰে । স্বামীৰ স্বাস্থ্যক লৈ তেওঁ অতিশয় উদ্বিগ্ন হৈ পৰিছিল । নিজৰ ৭২ সংখ্যক জন্মদিনৰ এদিনৰ পূৰ্বে অৰ্থাৎ যোৱা সাত এপ্ৰিলত নিদ্ৰাৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মিনেটৰ মৃত্যু হয় । মৃত্যুৰ পিছত পৰীক্ষাত দেখা যায় যে মিনেটো কৰ’নাত আক্ৰান্ত হৈছিল ।

ইপিনে, ন’কেছে এই কথা অৱগত হোৱাৰ লগে লগে মানসিকভাৱে ভাগি পৰে আৰু শ্বাস প্ৰশ্বাসৰ সমস্যাও আৰম্ভ হয়। লগতে স্বাস্থ্য কৰ্মীক জনাই দিয়ে যে তেওঁ আৰু কোনোপধ্যেই ঔষধ গ্ৰহণ নকৰে । এই ক্ষেত্ৰত আনকি ইচ্ছা পত্ৰত স্বাক্ষৰ কৰিবলৈকো তেওঁ সন্মত হয়। হাস্পতালৰ পৰা মুকলি কৰি দিব বুলিও তেওঁ দাবী কৰে । ইয়াৰ পিছত পাঁচদিন ধৰি ন’কেছে নিজৰ পুত্ৰ-কন্যা, নাতি-নাতিনী আদিক সাক্ষাৎ কৰে। নিজৰ বয়-বস্তুৰ কি ব্যৱস্থা কৰিব লাগিব, সেয়াও তেওঁ অৱগত কৰে। আনকি সন্তানহঁতৰ পৰা তেওঁ বাৰেপতি ক্ষমাও বিচাৰে। কিয়নো ন’কেছৰ মতে, তেওঁৰ বাবেই পত্নী মিনেট অসুস্থ হৈ পৰিছিল। পত্নীৰ মৃত্যুৰ পাঁচ দিনৰ পাছত ন’কেছেও তেওঁক সংগ দিবলৈ পৰকাললৈ গমন কৰে।

Exit mobile version