হাজোত মন্ত্ৰী অতুল বৰাৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন

IMG 20200515 WA0002

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে হাজাৰ হাজাৰ টকা খৰছ কৰি অতি কষ্টৰে উৎপাদন কৰা ৰবিশস্য বোৰ তলাবন্ধৰ সময়চোৱাত পথাৰতে নষ্ট হৈ যোৱাত মূৰে কপালে হাত দিছে এতিয়া কৃষকসকলে । এনে সময়তে হাজোৰ এচাম কৃষকে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বি জি আৰ আচনিৰ জৰিয়তে ১২৫ একৰ মাটিত উন্নত জাতৰ ধান খেতি কৰি হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে । আজি দুপৰীয়া ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা হাজোৰ বঙাল পাৰাত উপস্থিত হৈ নবোদয় কৃষক সমিতি আৰু সেউজী অসম পথাৰ সমিতিৰ জৰিয়তে ১২৫ একৰ ভূমিত কৰা বি জি আৰ ধানৰ কৃষিভূমি পৰিদৰ্শন কৰে ।

কৃষি ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই আপ্লুত হৈ কৃষক সকলক উদ্দেশ্যি কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ বাবে পয্যাপ্ত পৰিমাণে ধন মোকলাই দিয়াৰ লগতে অসমৰ পৰা যাতে ভৱিষ্যতে কৃষিজাত সামগ্ৰী বহিঃ ৰাজ্যলৈ ৰপ্তানী কৰিব পাৰে তাৰ বাবে বৈজ্ঞানীক পদ্ধতি প্ৰয়োগ কৰাৰ লগতে জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় । ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে বঙাল পাৰাত ৰফিকুল ইছলামৰ ৭০০ টন মাকৈগুটি থকা গুদাম ঘৰটো পৰিদৰ্শন কৰি মাকৈবোৰ বিক্ৰীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে । মন্ত্ৰী গৰাকীৰ কৃষিক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, গুৱাহাটী মহকুমা কৃষিবিষয়া নৱজ্যোতি জগন্নাথ, জিলা কৃষি বিষয়া ভৰত চন্দ্ৰ ৰাজবংশী, কৃষি চক্ৰ বিষয়া মনোজ কুমাৰ দাস, অনিল মেধী, গোবিন্দ দাস ।

Exit mobile version