হাজোৰ ঐতিহাসিক মাধৱ মন্দিৰ পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু

IMG 20200515 WA0004

ৰাজ্য চৰকাৰৰ মীন বিভাগ আৰু জিলা প্ৰশাসনৰ চূড়ান্ত অকৰ্মণ্যতাৰ স্পষ্ট উদাহৰণ হৈ পৰিছে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক মাধৱ মন্দিৰৰ পুখুৰীটোৰ মাছ । তাৰেই পৰিণতিত পূৰাণ প্ৰসিদ্ধ ” বিষ্ণু পূস্কৰ’ নামেৰে খ্যাত এই পুখুৰীটোত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে । পুখুৰীটোত আজি পুনৰ ছয়টাকৈ মাছ মৃত্যু মুখত পৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে হাজোৰ ৰাইজক । উল্লেখ্য যে, তীৰ্থনগৰী হাজোৰ মঠ-মন্দিৰ দৰ্শনৰ বাবে অহা দেশী- বিদেশী পৰ্যটক তথা ধৰ্মপ্ৰাণ ৰাইজৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পূৰাণপ্ৰসিদ্ধ বিষ্ণু পূস্কৰ নামেৰে খ্যাত মাধৱ মন্দিৰ পুখুৰীৰ ডাঙৰ মাছ – কাছবোৰ । নিচেই ওচৰৰ পৰা এই মাছ – কাছবোৰক হেপাঁহ পলোৱাই চোৱা আৰু তেনে বিৰল মূহুৰ্তৰ ফটো তোলাৰ আনন্দই সুকীয়া ।

তদুপৰি হিন্দু ধৰ্মীয় দৰ্শন অনুসৰি, ভগৱানৰ প্ৰথম অৱতাৰী ৰূপ মৎস অৰ্থাৎ মাছ আৰু ভগৱানৰ দ্বিতীয় অৱতাৰী ৰূপ কুৰ্ম অৰ্থাৎ কাছ । এই বিষ্ণু পূস্কৰ পুখুৰীটোত ভগৱানৰ দুই অৱতাৰী ৰূপ মাছ আৰু কাছ একেলগে থকা বুলি হিন্দু ধৰ্মীয় লোকসকলে যুগ যুগ ধৰি বিশ্বাস কৰি আহিছে । হাজোৰ হিন্দু – মুছলমান উভয় সম্প্ৰদায়ে বিষ্ণু পূষ্কৰ পুখুৰীটোৰ মাছ – কাছবোৰক দেৱতা জ্ঞান কৰি আহিছে । কিন্তু পৰিতাপৰ বিষয় যে সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ ফলশ্ৰুতিত মাধৱ মন্দিৰ পুখুৰীটোৰ পানী ক্ৰমশ: প্ৰদূষিত হবলৈ ধৰাত মাছ – কাছবোৰলৈ আহি পৰিছে চৰম ভাবুকি ।

আজি পুৱাৰ ভাগত পুখুৰীটোৰ একাংশ মাছ অস্বাভাৱিক ভাৱে উপঙি উঠাৰ লগতে প্ৰায় বিশকিলো ওজনৰ এটি বৃহৎ আকাৰৰ ৰৌ, বাহু, মিৰিকাকে ধৰি মুঠ ছয়টাকৈ মাছ মৃত অৱস্থাত উদ্ধাৰ কৰে । এই খবৰ পোৱাৰ পিছত হাজোৰ বিধায়িকা সুমন হৰি প্ৰিয়া, হাজোৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাস, মীন বিষয়া ৰঞ্জিত দাস সহ কেইবাগৰাকীও বিষয়া উপস্থিত হৈ পুখুৰীটো পৰিদৰ্শন কৰে আৰু হাজো অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীৰে পুখুৰীটোৰ পানীভাগ সঞ্চালন কৰে । ইপিনে পুখুৰীটোৰ মাছৰ অস্বাভাৱিক মৃত্যুৰ বাবে হাজো আছুকে ধৰি বিভিন্ন দল – সংগঠন, ব্যক্তি বিশেষে ৰাজ্য চৰকাৰৰ মীন বিভাগ আৰু জিলা প্ৰশাসনক ধিক্কাৰ দিয়ে ।

‘মীন বিভাগৰ অকৰ্মণ্যতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে পুখুৰীটোৰ মাছ – কাছবোৰে অস্বাভাৱিক মৃত্যুক সাবতি ল’বলগীয়া হৈছে’, এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসৰ । আছু নেতা গৰাকীয়ে কয় যে, তদানীন্তন চৰকাৰৰ কাৰ্যকালত ঐতিহাসিক পুখুৰীটোৰ মাছ-কাছবোৰৰ অপমৃত্যু ৰোধ কৰাৰ স্বাৰ্থত এক আধুনিকীকৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আঁচনি প্ৰস্তুত কৰা হৈছিল । তদানীন্তন কামৰূপ জিলাৰ উপায়ুক্তগৰাকীৰ অধ্যক্ষতাত আছু, মীন বিভাগ আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাত এখন আঁচনি গ্ৰহণ কৰি মাছ-কাছৰ অপমৃত্যু ৰোধৰ চেষ্টা চলোৱা হৈছিল কিন্তু আজি পৰ্যন্ত সেই আঁচনিখনৰ ধন মোকলাই নিদিয়াত ক্ষোভ প্ৰকাশ কৰি আছু নেতা দাসে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হস্তক্ষেপ দাবী কৰে।

Exit mobile version