গোৱালপাৰা চহৰত চুৰি কাণ্ড

কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে দিয়া তলাবন্ধৰ সময়তে অৰেঞ্জ জ’নত থকা গোৱালপাৰাৰ কনটেইনমেন্ট এলেকাৰ অন্তৰ্ভুক্ত কল্পনা চিনেমা হলৰ সন্মুখত থকা আদিব ষ্ট’ৰৰ তলা ভাঙি শুক্ৰবাৰে নিশা চোৰে প্ৰায় তিনি শতাধিক টকাৰ সামগ্ৰী লুট কৰি নিয়া ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ।

শুক্ৰবাৰে নিশা প্ৰায় ১২ বজাত দোকানখনৰ সন্মুখত ৩/৪ জন মান লোকে কিছু সামগ্ৰী কঢ়িওৱা প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত বিপৰীত দিশত এগৰাকীয়ে দোকানৰ স্বত্বাধিকাৰী আদিবফৰ আহমেদক ফোনযোগে অৱগত কৰে। তৎক্ষণাত ভাতৃৰ সৈতে আদিবফৰে দোকানত উপস্থিত হয় যদিও চোৰে অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে চোৰে দুই যোৰ চেণ্ডেল আৰু লোৰ চোকা অস্ত্ৰ এটা এৰি থৈ যায়। পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৷

ইতিমধ্যে দোকানখনৰ স্বত্বাধিকাৰীয়ে গোৱালপাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ইপিনে দোকানখনৰ পৰা চোৰে প্ৰায় তিনি লক্ষাধিক টকা মূল্যৰ কচমেটিকচ সামগ্ৰী লুট কৰাৰ লগতে কেচ বাকচত থকা ১৫ হেজাৰ টকাও চুৰ কৰি লৈ যায় ।উল্লেখযোগ্য যে আৰক্ষী,চি আৰ পি এফ,কাৰ্ফিউৰে গিজগিজাই থকা স্বত্বেও নিশা কনটেইনমেন্ট জ’নত কি দৰে চুৰি কাণ্ড সংঘটিত হ’ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

Exit mobile version