অসমৰ আঠ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডলৈ

তেল আৰু প্ৰাকৃতিক গেছ লিমিটেডৰ অন্তৰ্গত প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেলৰ ক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বহুদিনীয়া পৰিকল্পনা অৱশেষত ৰূপায়ণ কৰা হ’ল । শেহতীয়া সমগ্ৰ দেশত ক’ভিড-১৯ৰ আতংক চলি থকাৰ সময়ত অ’ এন জি চিয়ে অসমকে ধৰি দেশৰ মুঠ ৪৯ খন প্ৰান্তীয় তৈল আৰু গেছ ক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত সংগোপনে গতাই দিলে ৷ অ’ এন জি চিৰ সূত্ৰই সদৰী কৰা মতে, দেশৰ ১৩ টা অঞ্চলত তেল আৰু গেছ ক্ষেত্ৰসমূহ একাধিক ব্যক্তিগত কোম্পানীক গতাই দিয়া হৈছে ৷ এইসমূহ অসমৰ লগত গুজৰাট, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত সিঁচৰতি হৈ আছে ।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মুঠ ৬৪ খন ক্ষুদ্ৰ আৰু প্ৰান্তীয় গেছ তৈলক্ষেত্ৰৰ নিলাম প্ৰক্ৰিয়াৰ ভিতৰত ৪৯ খনৰ বাবে ইচ্ছুক কোম্পানীয়ে আন্তঃৰাষ্ট্ৰীয় নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে । এইদৰে ভাৰতবৰ্ষৰ ৪৯ খন তৈলক্ষেত্ৰৰ লগতে অন্তৰ্ভুক্ত হৈ থকা অ’ এন জি চি অসম সম্পদৰ আঠখন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানী সমূহৰ হাতত গতাই দি অত্যাধিক উৎপাদনৰ দ্বাৰা লাভৰ পৰিকল্পনা কৰিছে অ এন জি চিয়ে ।তথ্য অনুসৰি অ’ এন জি চি অসম সম্পদৰ ডিমুৱাল, চাংমাই গাঁও, চফ্ৰাই, সোণাৰি, পানীদিহিং, দিচাংমুখ আৰু নাহৰবাৰী তৈলক্ষেত্ৰ কেইখন আন্তৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে দুৰ্গান্ত অইল এণ্ড গেছ আৰু ওড়িয়াৰ ষ্টেভ ড’ৰচ লিমিটেড নামৰ কোম্পানী দুটাক এই তৈলক্ষেত্ৰ আঠখন গতাই দিছে ৷

উল্লেখযোগ্য যে এই তৈলক্ষেত্ৰ কেইখনৰ ভিতৰত ডিমুৱাল তৈলক্ষেত্ৰত বৰ্তমানেও অ’ এন জি চি অসম সম্পদৰ উৎপাদন অব্যাহত আছে ৷ লগতে অসম নবীকৰণ প্ৰকল্পৰ বৃহৎ পুঁজি বিনিয়োগ কৰি ডিমুৱাল তৈলক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়ন লগতে উৎপাদনমুখী বিভিন্ন নিৰ্মাণ কাৰ্য অ’ এন জি চি অসম সম্পদে সম্পন্ন কৰিছে ৷ আনহাতে দিচাংমুখ আৰু পানী দিহিং তৈলক্ষেত্ৰ দুখন তেল আৰু গেছ উৎপাদনৰ সম্ভাৱনাৰে পৰিপূৰ্ণ বুলি ইতিমধ্যে অ’ এন জি চিৰ বিভিন্ন অন্বেষণত প্ৰকাশ পাইছে  । এতিয়া প্ৰশ্ন উঠিছে অসমে বিভিন্ন সময়ত অ’ এন জি চি অসম সম্পদৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি বিগত সময়ত অভিযোগ দাখিলৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কিয় অ’ এন জি চিৰ ডেৰাদুন কৰ্তৃপক্ষই লাভজনক এই গেছ আৰু তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ পথ অৱলম্বন কৰিলে । এতিয়া সকলো আধুনিক প্ৰযুক্তিৰে পৰিপূৰ্ণ অ’ এন জি চিয়ে যদি এইসমূহ গেছ আৰু তৈলক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে তেন্তে নিবিদা লাভ কৰা কৰা ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে কিদৰে উৎপাদন বৃদ্ধি কৰে অ’ এন জি চিক লাভৰ মুখ দেখুৱাব বুলি প্ৰশ্ন উত্থাপিত হৈছে  ৷

Exit mobile version