ইউৰোপৰ প্ৰথম কৰ’নামুক্ত দেশ শ্ল’ভেনিয়া

slovania

জনসংখ্যা বৰ বেছি নহয় যদিও কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পোৱা নাছিল । আনকি এতিয়াও কৰ’না সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে কৰ’না অতিমাৰীৰ পৰা দেশ মুক্ত হোৱা বুলি ঘোষণা কৰিলে শ্ল’ভেনিয়াৰ চৰকাৰে । ইউৰোপৰ প্ৰথম দেশৰূপে “মহামাৰীমুক্ত” ঘোষণা কৰি দেশখনৰ চৰকাৰে বিজ্ঞপ্তিও প্ৰকাশ কৰিলে ৷ ইয়াতে ক্ষান্ত নাথাকি খুলি দিলে কৰ’নাই অত্যাধিক পৰিমাণে ক্ষতিগ্ৰস্ত কৰা দেশ ইটালীৰ সীমান্তও ৷ অৱশ্যে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ সমান্তৰালকৈ সামাজিক দূৰত্বৰ বিধি নিষেধ জাৰি ৰখা হৈছে ।

চৰকাৰীভাৱে বিজ্ঞপ্তি প্ৰকাশ কৰাৰ উপৰি শ্ল’ভেনিয়াৰ প্ৰধানমন্ত্ৰী জানেজ জানছাই কয়, “মহামাৰীৰ পৰিস্থিতিত এতিয়া ইউৰোপৰ ভিতৰত সবাতোকৈ ভাল অৱস্থাত আছে শ্ল’ভেনিয়া  ৷ সেইবাবেই মহামাৰীৰ ইতি ঘোষণা কৰা হৈছে দেশত ৷ ইটালীৰ সীমান্তত থকা পৰ্বত পাহাৰেৰে আবৃত সৰু দেশখনৰ জনসংখ্যা হ’ল ২০ লাখ ৷ ইটালীত ইউৰোপৰ ভিতৰত সৰ্বাধিক লোক কৰ’নাত আক্ৰান্ত হৈছিল । তৎসত্ত্বেও শ্ল’ভেনিয়াত প্ৰায় ১৫ শ মানুহকহে কৰ’নাই আক্ৰমণ কৰিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত অৱশ্যে শতাধিক লোকৰ মৃত্যু হয় ।স্বাভাৱিকভাৱেই এনে পৰিস্থিতিত দেশখনক মহামাৰীমুক্ত” ঘোষণা কৰাত বহুতে সমালোচনাও কৰিছে। অথচ শ্ল’ভেনিয়া চৰকাৰে দাবী কৰে যে সংক্ৰমণ বৃদ্ধিৰ হাৰ অনেক হ্ৰাস পোৱাৰ বাবেই মহামাৰীমুক্ত ঘোষণা কৰা হৈছে ।

বিজ্ঞপ্তিত আনকি ইটালীসহ ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্ভুক্ত সকলো দেশৰ নাগৰিকৰ বাবেই শ্ল’ভেনিয়াৰ সীমান্ত মুকলি কৰি দিয়া বুলি উল্লেখ কৰা হৈছে। ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্ভুক্ত নোহোৱা কোনো দেশৰ পৰা শ্ল’ভেনিয়াত প্ৰৱেশ কৰিলে কোৱাৰেন্টাইনত থাকিব লাগিব। অৱশ্যে সামাজিক,ৰাজনৈতিক আৰু ধৰ্মীয় আদি সকলো প্ৰকাৰৰ সমাবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ উল্লেখযোগ্য যে অহা সপ্তাহৰ পৰা লাহে লাহে শ্বপিং মল, ৰেস্তোৰাঁ আদি খুলি দিয়াৰ কথা দেশখনৰ চৰকাৰে আগতীয়াকৈ ঘোষণা কৰিছিল ।লগতে ২৩ মে’ৰ পৰা ফুটবলসমূহ সকলো ক্ৰীড়া প্ৰতিযোগিতা পুনৰ আৰম্ভ হোৱাৰ কথাও কোৱা হৈছিল ৷ সেইবোৰ খুলিলে নতুনকৈ বহুতেই সংক্ৰমিত হ’ব পাৰে বুলি একাংশই আশংকা প্ৰকাশ কৰিছে ৷

Exit mobile version