এজন হিতাধিকাৰীয়ে পাঁচবাৰকৈ লাভ কৰিছে ধনঃ এজাহাৰ দাখিল

pmkisanlogo tcim0Feicfiif

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন গাঁও পঞ্চায়ততো ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ শিৱসাগৰ শলগুৰি মৌজাৰ অন্তৰ্গত শলগুৰি, বৰুৱাপুখুৰী, মগৰাহাট তথা দিকচু গাঁও পঞ্চায়ত, দিচাংমুখ আৰু দিচাং ধাই আলি গাঁও পঞ্চায়ত তথা কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ গাঁও পঞ্চায়তত ব্যাপক হাৰত ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । এই তথ্য অনুসৰি কেউটা পঞ্চায়ততে একেঘৰৰে কে’বাজনো লোকে, চৰকাৰী চাকৰিয়ালে, ধনৱান ব্যৱসায়ী, পঞ্চায়ত সদস্যৰ পতি পত্নী দুয়ো পৃথকে পৃথকে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনকি মৃত লোকৰ নামতো এই ধন দিয়া দেখুৱাই পঞ্চায়তৰ সংশ্লিষ্ট প্ৰতিনিধিয়ে দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত বহু প্ৰকৃত কৃষক আঁচনিৰ পৰা বঞ্চিত হোৱাৰ লগতে ভুৱা হিতাধিকাৰীসকলে লাভ কৰা আঁচনিৰ ধন কৃষি কাৰ্যত ব্যৱহাৰ কৰা পৰিৱৰ্তে অন্য কামতহে খৰচ কৰা পৰিলক্ষিত হৈছে ।

চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত হোৱা অনিয়ম পোহৰলৈ অহাৰ পাছতেই কৃষি বিভাগৰ কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়াসহ একো একোটা দলে ঘৰে ঘৰে গৈ তালিকাখনৰ বিসংগতি দূৰ কৰিবলৈ চেষ্টা কৰিছে যদিও কিমানদূৰ সফল হ’ব পাৰিব সেয়া সন্দেহৰ আৱৰ্তত ৷ কেন্দ্ৰীয় চৰকাৰে দুখীয়া কৃষকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা কৃষি বিভাগৰ কৰ্মচাৰীৰ লগতে পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰে সংঘটিত কৰা কেলেংকাৰীৰ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত তথ্যসহ বাতৰি প্ৰকাশ কৰাৰ পিছতে বহু পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰে সংঘটিত কৰা কেলেংকাৰীৰ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত তথ্যসহ বাতৰি প্ৰকাশ কৰাৰ পিছতে বহু পঞ্চায়তৰ প্ৰতিনিধিয়ে গোপনে আঁচনিৰ ধন লোৱাৰ কথা ৰাজহুৱা হৈ পৰাত এতিয়া নিজকে বছোৱাৰ স্বাৰ্থত আঁচনিৰ টকা ঘূৰাই দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে ।

উল্লেখযোগ্য যে কোনো লোকে যদি অজ্ঞাতবশতঃ এনে হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰোৱাইছিল তেওঁলোকে অনতিপলমে নিজা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহকাৰীসকলৰ লগত যোগাযোগ কৰি নাম প্ৰত্যাহাৰ কৰাৰ লগতে প্ৰাপ্ত ধন নিৰ্দিষ্ট নিয়মেৰে ঘূৰাই দিবলৈ অনুৰোধ জনোৱাৰ লগতে ইয়াৰ অন্যথা তেনে ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিৱসাগৰ জিলা কৃষি বিষয়াই জানিবলৈ দিছে ।

Exit mobile version