বিশ্বত একাদশ স্থানত ভাৰত

61898c8628d848129d3fcd0b160773da 18

দেশত তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ পৰিল ৷ এই সময়তে ভাৰতত ক’ভিড ১৯ ত সংক্ৰমিত লোকৰ সংখ্যাই ভাৰতত ৯০ হেজাৰৰ সীমা পাৰ কৰে ৷ এই ধাৰা অব্যাহত থাকিলে মাত্ৰ কেইদিনমানৰ ভিতৰতে দেশত ভাইৰাছত আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰত উপনীত হোৱাটো অৱধাৰিত হৈ পৰিছে । যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ পুনৰ চাৰি হেজাৰ লোক আক্ৰান্ত হয় । বিগত কে’বাদিন ধৰি আক্ৰান্তৰ এই সংখ্যা কম বেছি পৰিমাণে সমান হৈ আছে । ভাৰতত যোৱা ৩০ জানুৱাৰীত কেৰালাত প্ৰথমগৰাকী ক’ভিড ১৯ ত আক্ৰান্ত ধৰা পৰিছিল । তাৰ পাছতে দেশৰ অধিকাংশ অঞ্চলত সংক্ৰমণৰ তথ্য পোহৰলৈ আহে ৷ ফল স্বৰূপে যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা তলাবন্ধ প্ৰথম পৰ্যায় আৰম্ভ হয় ।

কিন্তু লক্ষ্যনীয়ভাৱে তলাবন্ধৰ সময়ছোৱাত দুমাহতকৈয়ো কম সময়ৰ ভিতৰত ভাৰতত আক্ৰান্তৰ সংখ্যাই চীনকো অতিক্ৰম কৰিলে  । কে’বাখনো ৰাজ্যত সৃষ্টি হোৱা নিয়ন্ত্ৰণহীন পৰিবেশৰ পৰিণতিত ক’ভিড-১৯ ত সৰ্বাধিক আক্ৰান্তৰ সংখ্যাৰ তালিকাৰে ভাৰত বিশ্বৰ ১১ সংখ্যক দেশৰূপে পৰিগণিত হৈছে । তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ অন্তিম মুহুৰ্তত পোহৰলৈ অহা পৰিসংখ্যা অনুসৰি দেশৰ আক্ৰান্তৰ ৬১ শতাংশই হ’ল ১৮ খন চহৰ । তাৰো ৫০ শতাংশ আক্ৰান্ত হ’ল পাঁচখন মহানগৰ ৷ সেইকেইখন হ’ল মুম্বাই,দিল্লী,আহমেদাবাদ,পুনে আৰু চেন্নাই । ৰাজ্যবোৰৰ ভিতৰত মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে সৰ্বাধিক সংখ্যক লোক ৷ইতিমধ্যে ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩০,৭০৬ জন ৷ আনহাতে মৃত্যু হৈছে ১০৮৮ জন ৷

প্ৰসংগক্ৰমে সমগ্ৰ ভাৰতত ক’ভিড-১৯ ত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২,৮৫৭ জন ৷ অৱশ্যে ভাৰতত সুস্থ হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ভাৰতত ক্ৰমবৰ্ধিত পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰতি সৌহাৰ্দ্যপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পে কয় “আমি আমাৰ বন্ধু ভাৰতক ভেন্টিলেটৰ উপহাৰ দিম ৷ কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ সময়ত ভাৰত আৰু নৰেন্দ্ৰ মোডীৰ কাষত আমেৰিকা সদায় আছে । আমি কৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ একেলগে কাম কৰিম ৷ লগতে কৰ’নাৰ দৰে অদৃশ্য শত্ৰুৰ বিৰুদ্ধে আমি সদায় যুঁজ দিম ৷”

Exit mobile version