২৮ জুনত অনুষ্ঠিত হ’ব অসম সংযুক্ত বাছনি পৰীক্ষা

eastmojo 2020 03 37b52932 9b65 4b72 96ea

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধীনত চলিত বৰ্ষৰ অসম সংযুক্ত বাছনি পৰীক্ষা (অসম চি ই ই ২০২০) অহা ২৮ জুনত অনুষ্ঠিত হ’ব । পূৰ্বে যোৱা ২৬ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সেয়া বাতিল হয় । অৱশ্যে এইবাৰো যে নতুনকৈ ধাৰ্য কৰা দিনটোত অনুষ্ঠিত হ’ব সেয়াও নিশ্চিত নহয় । পৰিবেশ পৰিস্থিতিৰ ভিত্তিত ঘোষণা কৰা তাৰিখো সলনি হোৱাৰ সম্ভাৱনা নুই কৰা নাই বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নৃপেন দাসে ৷

লগতে ঘোষণা কৰা হয় যে অনলাইন যোগে প্ৰপত্ৰৰ দাখিলৰ অন্তিম দিন হ’ল অহা ২৭ মে’ত ৷ ১০ জুনৰ পৰা প্ৰৱেশপত্ৰ দিয়া হ’ব ৷ পৰীক্ষা অনুষ্ঠিত হ’ব ২৮ জুনৰ পুৱা ১১ বজাৰ পৰা দুপৰীয়া দুই বজালৈ৷ আনহাতে ফলাফল ঘোষণা কৰা হ’ব অহা ১৩ জুলাইত ৷ পৰীক্ষাত অৱত্তীৰ্ণ হ’ব বিচৰাসকলক নতুন নতুন তথ্যৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই Www.astu.ac.in ৱেবচাইট নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে ৷ বি টেক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শেহতীয়া পাঠ্যক্ৰমৰ আধাৰত অনুষ্ঠিত হ’ব ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি মাল্টিপল চইছ প্ৰশ্নৰে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ৪০ নম্বৰকৈ থাকিব।

Exit mobile version